আজি পহিলা শাওণ, কৃষিজীৱী ৰাভা জনগোষ্ঠীয়ে পালন কৰিছে ‘গাছা ৰাকায়’ উৎসৱ

News18 Assam | News18-Assam
Updated:July 18, 2021, 3:44 PM IST
আজি পহিলা শাওণ, কৃষিজীৱী ৰাভা জনগোষ্ঠীয়ে পালন কৰিছে ‘গাছা ৰাকায়’ উৎসৱ
পহিলা শাওণৰ এই দিনটোত কৃষিজীৱী ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে ‘গাছা ৰাকায়’ পৰ্ব৷ বাৰিষাৰ পথাৰত আশাৰ কঠিয়া ৰুইছে ৰাভা জনগোষ্ঠীৰ লোকসকলেও৷

পহিলা শাওণৰ এই দিনটোত কৃষিজীৱী ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে ‘গাছা ৰাকায়’ পৰ্ব৷ বাৰিষাৰ পথাৰত আশাৰ কঠিয়া ৰুইছে ৰাভা জনগোষ্ঠীৰ লোকসকলেও৷

  • Share this:
আজি পহিলা শাওণ৷ কৃষিজীৱী অসমীয়াৰ হেঁপাহৰ শাওণ৷ এই শাওণতে কৃষকে ৰোৱে আশাৰ কঠিয়া৷ ৰচে সোণালী সপোন৷ কোভিডৰ ভয়াৱহতা বা লকডাউনে সকলোকে ভাৰাক্ৰান্ত কৰিছে, কিন্তু কৃষকসকলে পথাৰত কৰি গৈছে নিজৰ কাম৷

পহিলা শাওণৰ এই দিনটোত কৃষিজীৱী ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰিছে ‘গাছা ৰাকায়’ পৰ্ব৷ বাৰিষাৰ পথাৰত আশাৰ কঠিয়া ৰুইছে ৰাভা জনগোষ্ঠীৰ লোকসকলেও৷ শাওণৰ প্ৰথম দিনটো পথাৰত কঠিয়া ৰোৱাক পৰ্বক ৰাভা জনগোষ্ঠীৰ লোকসকলে ‘গাছা ৰাকায়’ উৎসৱ হিচাব পালন কৰি আহিছে৷

কৃষ্ণাইৰ দায়ৰং গাঁৱত পুৰুষ–মহিলা সকলোৱে একলগ হৈ পথাৰত পালন কৰিছে এই বিশেষ উৎসৱ৷ ৰাভা জনগোষ্ঠীৰ এই নিয়ম অতি পুৰণি৷ পূৰ্বৰ পৰাই ৰাভা জনগোষ্ঠীৰ লোকসকলে এই ‘গাছা-ৰাকায়’ উৎসৱ পালন কৰি আহিছে৷ শাওণ মাহৰ পহিলা তাৰিখৰ পৰা আৰম্ভ হোৱা এই উৎসৱৰ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে, গাঁৱৰ সকলো পুৰুষ–মহিলা একগোট হৈ কোনোবা এঘৰৰ এডৰা মাটিত কঠিয়া ৰোপণ কৰে৷ এই কঠিয়া ৰোপণ কৰাৰ পূৰ্বে কিছু পৰম্পৰাগত ৰীতি–নীতিৰে পূজা-অৰ্চনা কৰা হয় যাতে বাৰিষা অতি কষ্টৰে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা ভাল হয়, পোক-পৰুৱাৰ পৰাও যাতে ৰক্ষা পৰে আৰু আঘোণৰ কোনোবা এটা দিনত আজিৰ সেউজীয়া কঠিয়াসমূহ সোণালী হৈ পৰে লগতে যাতে ভঁৰাল শুৱনি কৰে৷

এই “গাছা ৰাকায়” উৎসৱ পালন কৰি এক প্ৰকাৰ পথাৰত কঠিয়া ৰোৱা পৰ্ব আৰম্ভ কৰে ৰাভা জনগোষ্ঠীৰ লোকসকলে৷ কঠিয়া ৰোৱা শেষ হোৱাৰ পিছতে সকলোৱে মিলিজুলি পথাৰৰ কাম সামৰি গৃহস্থৰ ঘৰত ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় (জোঙা) এসাঁজ পান কৰাটোও তেওঁলোকৰ এক পৰম্পৰা৷ এনেদৰে এতিয়া অসমৰ প্ৰতিগৰাকী কৃষিজীৱী অসমীয়াই শাওণৰ পথাৰত সেউজীয়া সিচি সোণালী সপোনৰ পাতনি মেলিছে৷
Published by: Sanjay Kumar Das
First published: July 18, 2021, 3:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি