চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী টিয়কঘাটত আজি বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে এখন বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰী । জানিব পৰা মতে টীয়কঘাট অঞ্চলৰ লংপাতীয়া পথত অৱস্থিত আইদেউবাৰী টীয়কঘাট প্ৰাথমিক বিদ্যালয়ৰ সন্মুখেৰে যোৱা অসম গেছ কোম্পানীৰ পাইপ লাইনত আজি পুৱা ভয়ংকৰ লিকেজ হয় । পাইপলাইনৰ কাষত নলা নিৰ্মাণ কৰিবলৈ জেচিবিৰে খনন কৰোঁতে গেছ পৰিবাহী পাইপ ফুটে । ফলত উক্ত পাইপেৰে গেছ নিৰ্গত হ'বলৈ আৰম্ভ হয় আৰু সমগ্র অঞ্চলটো ধোঁৱাই আৱৰি ধৰে ।
সেই সময়ত পাঠদান চলি থকা কাষৰ বিদ্যালয়খনত ছাত্র ছাত্ৰী আৰু শিক্ষক -শিক্ষয়িত্ৰীৰ মাজত হুৱা-দুৱা লাগে । পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলে উপায়ন্তৰ হৈ বিদ্যালয়খন বন্ধ কৰি ছাত্ৰ-ছাত্ৰীসকলক ছুটী দিবলৈ বাধ্য হয়।
ইফালে অসম গেছ কোম্পানীক খবৰ দিয়াত কৰ্তৃপক্ষই তৎকালে পাইপেৰে গেছৰ যোগান বন্ধ কৰে ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে টীয়কঘাত অঞ্চল। সম্প্ৰতি গেছ পৰিবাহী পাইপলাইন মেৰামতি কৰাত ব্যস্ত কতৃপক্ষ। নিগমৰ দায়িত্বহীনতাৰ বাবে আজি এই ঘটনা সংঘটিত হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে উক্ত পাইপ লাইনেৰে দুলিয়াজানৰ অসম গেছ কোম্পানীৰ পৰা চৰাইদেউ জিলাৰ বিভিন্ন চাহ বাগিচালৈ গেছৰ যোগান ধৰা হয় ।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 13, 2021, 13:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।