উজনি অসমৰ অন্যতম লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী। দুলীয়াজান চহৰৰ মাজমজিয়াত থকা এই প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠা হোৱা কালৰে পৰা দুলীয়াজান চহৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহতো ঘৰুৱা ৰন্ধন গেছৰ চাহিদা পূৰণ কৰি আহিছে। কিন্তু শেহতীয়াকৈ কোম্পানীটোৰ এচাম বিষয়া–কৰ্মচাৰী দায়িত্বজ্ঞানহীনতা আৰু আওপুৰণি গেছ পাইপৰ বাবেই এতিয়া অশনি সংকেত মাতি আনিছে কোম্পানীটোৰ গ্ৰাহকসকললৈ।
উল্লেখযোগ্য যে দুলীয়াজানৰ ইন্দ্ৰপুৰী নিবাসী বিজয় বড়া পুত্ৰ নিমলজিত বড়াই যোৱা মঙলবাৰে দুপৰীয়া আহাৰ তৈয়াৰ কৰিবলৈ লওঁতেই পাইপলাইনেৰে গেছ নিৰ্গত হৈ থকাত হঠাতে মুখমণ্ডলত জুই লাগি গুৰুত্বৰভাৱে অগ্নিদগ্ধ হয় যুৱকজন। তাৰ পিছতেই অগ্নিদগ্ধ যুৱকজনক লৈ যোৱা হয় অইল হাস্পতাললৈ।
ইফালে পৰিয়ালকৰ লোকে ঘটনাৰ বিষয়ে কোম্পানীৰ বিষয়া–কৰ্মচাৰীক অৱগত কৰাত বিষয়া–কৰ্মচাৰী সকল ঘটনাস্থলীত উপস্থিত হয় যদিও বিগত ৫টা দিনেও গেছ নিৰ্গতৰ হোৱা স্থান বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল। যাৰ ফলত গেছ বিয়পি থকাত দিয়াচলাই কাঠি মাৰিলেই জ্বলি উঠে ঘৰখনৰ আচবাবৰ লগতে ঘৰৰ চোতাল–বেৰ।
কোম্পানীটোৰ এই ব্যৰ্থতাৰ বাবে এতিয়া আতংকময় পৰিৱেশত দিন অতিবাহিত কৰিব লগা হৈছে পৰিয়ালটোৰ লগতে স্থানীয় লোকসকলে। আনহাতে শনিবাৰে অগ্নিদগ্ধ যুৱকজনৰ বাসগৃহত বিধায়ক তেৰশ গোৱালা উপস্থিত হৈ যুৱকজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও কোম্পানীটোৰ পৰিচালন সঞ্চালকক ঘটনাৰ তদন্ত কৰিবলৈ দাবী জনায়। শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত গোচৰ ৰুজু কৰি সঠিক তদন্তৰ দাবী তুলিছে পৰিয়ালৰ লোকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|