যদি দুৰ্ভাগ্যক্ৰমে গেছ নিৰ্গত হৈ থকা স্থলত জুই লাগে তেন্তে অঞ্চলটোত ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে।
যদি দুৰ্ভাগ্যক্ৰমে গেছ নিৰ্গত হৈ থকা স্থলত জুই লাগে তেন্তে অঞ্চলটোত ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে।
ডিগবৈ ৰিফাইনেৰীত অঘটন। ঐতিহাসিক ৰিফাইনেৰীটোৰ নিউ পাম্প হাউছৰ কাষত গেছ নিৰ্গত হোৱা বুলি জানিব পৰা গৈছে। গেছ নিৰ্গত হৈ থকা বাবে আতংক বিৰাজ কৰিছে অঞ্চলটোত।
ৰিফাইনেৰীৰ (Digboi Refinery) কাষতে থকা নিউ মাৰ্কেটৰ পথছোৱাৰে যাতায়াতৰ বন্ধ কৰি দিয়া হৈছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে অঞ্চলটোত। যদি দুৰ্ভাগ্যক্ৰমে গেছ নিৰ্গত হৈ থকা স্থলত জুই লাগে তেন্তে অঞ্চলটোত ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে। এই চিন্তাই এতিয়া অঞ্চলটিত তীব্ৰ চাঞ্চল্য অব্যাহত আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|