সমাধান হোৱাৰ দিশত যোৰহাট নগৰৰ এটা দীৰ্ঘদিনীয়া ডাঙৰ সমস্যা

News18 Assam | News18-Assam
Updated:January 22, 2021, 1:54 PM IST
সমাধান হোৱাৰ দিশত যোৰহাট নগৰৰ এটা দীৰ্ঘদিনীয়া ডাঙৰ সমস্যা
চিনামৰাত নিৰ্মাণ কৰিবলৈ লোৱা এই ৰে’লৱে গুডছ য়াৰ্ডৰ নিৰ্মাণৰ কাম ২০২১ বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠাৰ নিশ্চিতি প্ৰদান কৰিছে সাংসদগৰাকীয়ে।

চিনামৰাত নিৰ্মাণ কৰিবলৈ লোৱা এই ৰে’লৱে গুডছ য়াৰ্ডৰ নিৰ্মাণৰ কাম ২০২১ বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠাৰ নিশ্চিতি প্ৰদান কৰিছে সাংসদগৰাকীয়ে।

  • Share this:
যোৰহাট নগৰৰ এটা দীৰ্ঘদিনীয়া সমস্যা শেহতীয়াকৈ সমাধান হোৱাৰ পথত আগবাঢ়িছে। নগৰৰ মাজমজিয়াতে থকা ৰে’লৱে গুডছ য়াৰ্ডৰ পৰা সামগ্ৰী সৰবৰাহ কৰা ট্ৰাকসমূহে ব্যাপক যানযঁটৰ সৃষ্টি কৰি আহিছিল যোৰহাট নগৰখনত। অৱশেষত এই গুডছ য়াৰ্ডটো চিনামৰালৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়া হৈ উঠিলে যোৰহাট নগৰখনত প্ৰায়ে সৃষ্টি হোৱা এক বিশৃংখল পৰিৱেশৰ অন্ত পৰিব।

কঙগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত যোৰহাটবাসী ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো সমাধান নোহোৱা যোৰহাট নগৰৰ এই  সমস্যাটো অচিৰেই সমাধান হোৱাৰ পথত আগবাঢ়িছে বুলি জানিবলৈ দিছে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। নগৰৰ মাজমজিয়াৰ গড়মুৰত থকা ৰে’লৱে গুডছ য়াৰ্ডটোৱে বিগত বহু বছৰ ধৰি যোৰহাট নগৰখনত এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। গুডছ য়াৰ্ডটোৰ পৰা সামগ্ৰী সৰবৰাহ কৰা ট্ৰাকসমূহ নগৰৰ যানজঁটৰ অন্যতম কাৰণৰূপে পৰিগণিত হৈ আহিছে। এই গুডছ য়াৰ্ডটোত একাংশ লোকে ছিণ্ডিকেটৰাজ চলোৱাৰো গুৰুতৰ অভিযোগ আছে বুলি জানিবলৈ দিয়ে সাংসদ তাছাই।

কংগ্ৰেছৰ আমোলত এই সন্দৰ্ভত ৰাইজৰ অভিযোগৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰা গড়মুৰৰ গুডছ য়াৰ্ডটো বৰ্তমান নগৰৰ পৰা যোৰহাটৰ উপকণ্ঠৰ চিনামৰালৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে চৰকাৰে চিনামৰাত গুডছ য়াৰ্ডৰ বাবে মাটিৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ভাৰতীয় খাদ্য নিগমে যাৱতীয় পুঁজিও প্ৰদান কৰিছে। চিনামৰাত নিৰ্মাণ হ’ব লগা এই গুডছ য়াৰ্দলৈকে ৰে’লৱে ট্ৰেক থাকিব। এই গুডছ য়াৰ্ডৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে গড়মুৰৰ গুডছ য়াৰ্ডৰ পৰা প্ৰায় ৬০ শতাংশ সামগ্ৰী সৰবৰাহৰ কাম চিনামৰালৈ স্থানান্তৰ হ’ব বুলি জানিবলৈ দিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

"কংগ্ৰেছৰ চৰকাৰৰ দিনত যোৰহাট নগৰৰ মাজমজিয়াতে থকা এই গুডছ য়াৰ্দটোৰ পক্ষত পৃষ্ঠপোষকতা কৰা হৈছিল। নগৰৰ মাজত এনেদৰে ৰে’লৱে গুডছ য়াৰ্দ থকাৰ উদাহৰণ বিৰল। আমাৰ চৰকাৰে ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই গুডছ য়াৰ্দটো চিনামৰালৈ স্থানান্তৰ কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে। আৰু ২০২১ বৰ্ষৰ ভিতৰতে এই কাম সম্পূৰ্ণ কৰিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে।", সাংসদ কামাখ্যা প্ৰসাদ তাচাই এনেদৰে কয়।

চিনামৰাত নিৰ্মাণ কৰিবলৈ লোৱা এই ৰে’লৱে গুডছ য়াৰ্ডৰ নিৰ্মাণৰ কাম ২০২১ বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠাৰ নিশ্চিতি প্ৰদান কৰিছে সাংসদগৰাকীয়ে। এই গুডছ য়াৰ্ডৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ অধিগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। সেয়া হৈ উঠাৰ পিছত ভাৰতীয় ৰে’ল বিভাগে উক্ত গুডছ য়াৰ্দলৈ ৰে’লৱে ট্ৰেক নিৰ্মাণৰ কাম হাতত ল’ব। যোৰহাট নগৰৰ ন আলি, জে’ল ৰোডৰ জেএমচিএইচৰ সন্মুখত আৰু চিনামৰাত তিনিখনকৈ ফ্লাইঅভাৰ নিৰ্মাণ হৈ উঠিলে আৰু কে বি ৰোডটো গোলাঘাটলৈকে বহলকৈ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে যোৰহাট নগৰখনত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণে বহুখিনি সকাহ লাভ কৰিব।
Published by: Sanjay Kumar Das
First published: January 22, 2021, 1:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি