உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘জুবিন গাৰ্গ নামৰ দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক’- কিয় গৰিমা শইকীয়া গাৰ্গে শ্বেয়াৰ কৰিলে এই পষ্ট?

    ‘জুবিন গাৰ্গ নামৰ দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক’- কিয় গৰিমা শইকীয়া গাৰ্গে শ্বেয়াৰ কৰিলে এই পষ্ট?

    ছচিয়েল মিডিয়াত গৰিমা শইকীয়া গাৰ্গৰ আক্ষেপ ভৰা পষ্ট

    ছচিয়েল মিডিয়াত গৰিমা শইকীয়া গাৰ্গৰ আক্ষেপ ভৰা পষ্ট

    ছচিয়েল মিডিয়াত গৰিমা শইকীয়া গাৰ্গৰ আক্ষেপ ভৰা পষ্ট

    • Share this:
    ‘জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচী দিয়াৰ ব্যৱস্থা কৰক।’- ছচিয়েল মিডিয়াত গৰিমা শইকীয়া গাৰ্গৰ পষ্টত লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। কিন্তু এতিয়া পষ্টটো ডিলিট কৰি দিছে গৰিমা শইকীয়া গাৰ্গে।



    উল্লেখযোগ্য যে, ‘পথাৰ আৰু বজাৰ দখল’ৰ লক্ষ্যৰে এতিয়া ওলাই আহিছে জুবিন গাৰ্গ। কিদৰে জুবিন গাৰ্গৰ লগতে দলটো এই ক্ষেত্ৰত আগবাঢ়ি যাব সেইলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাত্‍ কৰাৰ পিছত শনিবাৰে কৃষিমন্ত্ৰী অতুল বৰাক সাক্ষাত্‍ কৰিছিল পত্নী সহ জুবিন গাৰ্গে। কিন্তু এনেদৰে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক সাক্ষাত্‍ কৰাত একাংশই এতিয়া ছচিয়েল মিডিয়াত আক্ৰমণৰ লক্ষ্য কৰি লৈছে জুবিন গাৰ্গক।



    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰা জুবিন গাৰ্গে কিয় মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক সাক্ষাত্‍ কৰিব বা কিয় কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হ’বলৈ জুবিনে মন মেলিছে বুলি একাংশই প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে। সকলো সীমা চেৰাই একাংশই জুবিন গাৰ্গে জাতীয়তাবাদৰ সত্ত্বা বিজেপি চৰকাৰৰ আগত বিক্ৰী কৰিলে বুলিও তীৰ্যক মন্তব্য কৰিছে ছচিয়েল মিডিয়াত।



    কৃষি ক্ষেত্ৰত অসমৰ যুৱচামটোক আগ্ৰহী কৰি তোলাৰ লগতে বজাৰ আৰু পথাৰ দখল কৰাৰ মহত্‍ উদ্দেশ্য আগত ৰাখি জুবিন গাৰ্গে সম্পূৰ্ণ ৰাজহুৱা বিষয়ত মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীক সাক্ষাত্‍ কৰাৰ পিছতো এনেদৰে জুবিন গাৰ্গক সমালোচনাৰ লক্ষ্য কৰি লোৱাৰ বাবে এতিয়া মৰ্মাহত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু তাৰ বাবেই এনেদৰে গৰিমাই ছচিয়েল মিডিয়াত আবেগিক পষ্ট শ্বেয়াৰ কৰিছে বুলি অনুমান কৰা হৈছে।
    Published by:Himangshu Bhuyan
    First published: