• Home
  • »
  • News
  • »
  • assam
  • »
  • Garigaon Rape Case: গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰে জড়িত ৫ অভিযুক্তৰ মাতৃক জেৰা, ৪ দিনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী

Garigaon Rape Case: গাড়ীগাঁও ধৰ্ষণ কাণ্ডৰে জড়িত ৫ অভিযুক্তৰ মাতৃক জেৰা, ৪ দিনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল আৰক্ষী

 ভালপোৱাৰ ছলেৰে নিজৰে প্ৰেয়সীক ৪ নৰপিশাচৰ কামনাৰ বলি হ'বলৈ গতাই দিছিল প্ৰেমিকে।

ভালপোৱাৰ ছলেৰে নিজৰে প্ৰেয়সীক ৪ নৰপিশাচৰ কামনাৰ বলি হ'বলৈ গতাই দিছিল প্ৰেমিকে।

ভালপোৱাৰ ছলেৰে নিজৰে প্ৰেয়সীক ৪ নৰপিশাচৰ কামনাৰ বলি হ'বলৈ গতাই দিছিল প্ৰেমিকে।

  • Share this:
শেহতীয়াকৈ মহানগৰীৰ গাড়ীগাঁওত সংঘটিত চাঞ্চল্যকৰ ধৰ্ষণকাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম ৷ ভালপোৱাৰ ছলেৰে নিজৰে প্ৰেয়সীক হোটেলত মাতি ৪ নৰপিশাচৰ কামনাৰ বলি হ'বলৈ গতাই দিয়া এই ঘটনাই এতিয়া প্ৰতিজন অভিভাৱকৰে বুকু কঁপাই তুলিছে ৷

যোৱা ৮ মাৰ্চত ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ অভিযোগৰ পিছতে পোহৰলৈ অহা শিহৰণকাৰী ঘটনাই আজি ৪টা দিন অতিক্ৰম কৰিলে ৷ কিন্তু আজিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল ৫ অভিযুক্তক (Garigaon Rape Case) ৷

ইয়াৰ বিপৰীতে শনিবাৰে পাণবজাৰ মহিলা আৰক্ষী থানালৈ (Women Police Station Panbazar)  সোধা-পোছাৰ বাবে অনা হ'ল ৫ অভিযুক্তৰ মাতৃসকলক ৷ ঘন্টাৰ পিছত ঘন্টা সুকীয়াকৈ সোধা-পোছা কৰা হ'ল পাঁচোগৰাকীকে ৷

৪ দিনে অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱা পাণবজাৰ মহিলা আৰক্ষীয়ে এইবাৰ অভিযুক্তৰ পৰিয়ালক নিজৰ সন্তানক আৰক্ষীক গতাই দিবলৈ কৈছে। আনহাতে সকলোৱে  ৫ নৰপিশাচক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷
Published by:Gautam Barman
First published: