মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি হিচাপে ১ লাখ টকা আগবঢ়াইছে গড়গাঁও মহাবিদ্যালয় কৰ্তৃপক্ষই৷ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ সন্মিলনৰ সৈতে সংগতি ৰাখি আজি শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় (Gargaon College) খেলপথাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক প্ৰথম কিস্তিৰ ৩২,৫০০ টকাৰ অনুমোদন পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
লগতে অসমৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১১ নং কিস্তিৰ অনুমোদন পত্ৰও প্ৰদান কৰে৷ এই অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয় পৰিদৰ্শন কৰে৷
মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয়খন পৰিদৰ্শন কালতে গড়গাঁও মহাবিদ্যালয়ৰ ফালৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এক লাখ টকা বৰঙনি আগবঢ়োৱা হয়৷ গড়গাঁও মহাবিদ্যালয়ৰ পৰিয়ালে সংগ্ৰহ কৰি আগবঢ়োৱা এই ধনে বানপীড়িত লোকসকললৈ সহায়ৰ হাত আগবঢ়োৱাত সহায় কৰিব বুলি সামাজিক মাধ্যমত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|