• Home
  • »
  • News
  • »
  • assam
  • »
  • গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ উভতিল অসম আৰক্ষীৰ দল

গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ গৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈ উভতিল অসম আৰক্ষীৰ দল

উপায়হীন হৈ গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কোনোমতে আৰক্ষীৰ ৪জনীয়া দলটো কলকাতাৰ পৰা উভতি আহিবলগীয়া হয়।

উপায়হীন হৈ গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কোনোমতে আৰক্ষীৰ ৪জনীয়া দলটো কলকাতাৰ পৰা উভতি আহিবলগীয়া হয়।

উপায়হীন হৈ গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কোনোমতে আৰক্ষীৰ ৪জনীয়া দলটো কলকাতাৰ পৰা উভতি আহিবলগীয়া হয়।

  • Share this:
স্বৰ্গদেও চাওলুং চ্যুকাফাক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছত কলিকতাৰ গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰৰ কৰাৰ উদ্দেশ্যে  অসম আৰক্ষীৰ ডিচিপি (ক্ৰাইম) বৰুণ পুৰকাস্থ, ডিচিপি (ইণ্টেলিজেঞ্চ) পাহাৰী কোঁৱৰ, এচিপি (চাইবাৰ) নৱনীতা দাস আৰু SI দেৱজিৎ দাস উপস্থিত হৈছিল কলকাতাত। কিন্তু কলকাতাৰ লালবজাৰত স্থানীয় আৰক্ষীৰ সহযোগ পোৱাৰ বিপৰীতে স্থানীয় ৰাইজৰ ৰোষত পৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখামুখি হ'বলগা হয় অসম আৰক্ষীৰ দলটো। আনকি অসম আৰক্ষীৰ বিৰুদ্ধে স্থানীয় লোকে প্ৰতিবাদো সাব্যস্ত কৰে।

উপায়হীন হৈ গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কোনোমতে আৰক্ষীৰ ৪জনীয়া দলটো কলকাতাৰ পৰা উভতি আহিবলগীয়া হয়। মঙলবাৰে বিয়লি বৰঝাৰ বিমানবন্দৰত ৪জনীয়া আৰক্ষীৰ দলটো উপস্থিত হৈ অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হোৱা বুলি মন্তব্য কৰে।

পৰৱৰ্তী সময়ত আকৌ গৰ্গ চেতাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম আৰক্ষী দল কলকাতালৈ যাব বুলি জানিবলৈ দিয়ে। আজি বিয়লিৰ ভাগত বৰঝাৰ বিমানবন্দৰত অসম আৰক্ষীৰ দলটো আহি পোৱাৰ পিছত নমুনা সংগ্ৰহৰ বাবে সৰুসজাইলৈ লৈ যোৱাৰ লগতে হোটেল ৰেডিছন ব্লুত কোৱাৰেণ্টাইন কৰা হয়।
First published: