মুখ্যমন্ত্ৰী যাব, সজাই–পৰাই তোলা হৈছে গান্ধী মণ্ডপ, কিন্তু গান্ধী মণ্ডপত কি দেখা নাপাব মুখ্যমন্ত্ৰীয়ে?

গান্ধী মণ্ডপত মুখ্যমন্ত্ৰীক আন এক আঁভুৱা ভাৰিবলৈ সাজু হৈ আছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে।

News18-Assam
Updated:October 2, 2019, 10:11 AM IST
মুখ্যমন্ত্ৰী যাব, সজাই–পৰাই তোলা হৈছে গান্ধী মণ্ডপ, কিন্তু গান্ধী মণ্ডপত কি দেখা নাপাব মুখ্যমন্ত্ৰীয়ে?
গান্ধী মণ্ডপত মুখ্যমন্ত্ৰীক আন এক আঁভুৱা ভাৰিবলৈ সাজু হৈ আছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে।
News18-Assam
Updated: October 2, 2019, 10:11 AM IST
নিলয় ভট্টাচাৰ্য : আজি গান্ধী জয়ন্তী। জাতিৰ পিতাক স্মৰণৰ উদ্দেশ্যে দেশজুৰি আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ। ব্যতিক্ৰম নহয় অসমো। মহানগৰীৰ গান্ধী মণ্ডপত আয়োজিত গান্ধী জয়ন্তীৰ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নতুনকৈ নিৰ্মাণ কৰা গান্ধী উদ্যান। মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে সজাই–পৰাই তোলা হৈছে গান্ধী মণ্ডপ। চাৰিওফালে চালে চকুৰোৱা পৰিৱেশ। কিন্তু গান্ধী মণ্ডপৰ পিছফালে দেখা গ’ল এই জাক–জমকতাক ভেঙুচালি কৰা কেতবোৰ দৃশ্য।

গান্ধী জয়ন্তীৰ দিনা গান্ধী মণ্ডপৰ তলত দেখা গ’ল প্লাষ্টিকৰ দ’ম। মুখ্যমন্ত্ৰী যাব বুলিয়েই গান্ধী মণ্ডপৰ চৌহদৰ প্লাষ্টিক আৱৰ্জনাসমূহ এনেদৰে গান্ধী মণ্ডপৰ পিছফালে পেলাই থ’লে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে।



গান্ধী মণ্ডপত মুখ্যমন্ত্ৰীক আন এক আঁভুৱা ভাৰিবলৈ সাজু হৈ আছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে। গান্ধী মণ্ডপলৈ মুখ্যমন্ত্ৰী গৈ সুদৃশ্য গান্ধী মণ্ডপত জাতিৰ পিতালৈ শ্ৰদ্ধাঞ্জলি যাঁচিব যদিও গান্ধী মণ্ডপৰ এক ভয়ংকৰ পৰিৱেশ দেখা নাপাব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বাবে কৌশলেৰে সাজু হৈ আছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড।



মুখ্যমন্ত্ৰীৰ চকুৰ পৰা আঁতৰাই ৰখা হ’ব গান্ধী মণ্ডপৰ ভূমিস্খলনৰ ভয়ংকৰ দৃশ্য। ক’লা টাৰ্প’লিনেৰে ঢাকি ৰখা হৈছে গান্ধী মণ্ডপৰ দেৱালৰ তলতে হৈ থকা ভূমিস্খলনৰ এই ভয়ংকৰ দৃশ্য।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি