• Home
  • »
  • News
  • »
  • assam
  • »
  • মাজুলীত আৰক্ষীৰ ঘোচাত দাঁত ভাগিল চৰকাৰী গাঁওবুঢ়াৰ, কিয় গাঁওবুঢ়াক ঘুচিয়ালে আৰক্ষীয়ে?

মাজুলীত আৰক্ষীৰ ঘোচাত দাঁত ভাগিল চৰকাৰী গাঁওবুঢ়াৰ, কিয় গাঁওবুঢ়াক ঘুচিয়ালে আৰক্ষীয়ে?

এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ৰাইজে।

এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ৰাইজে।

এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ৰাইজে।

  • Share this:
মাজুলীত আৰক্ষীৰ ঘোচাত দাঁত ভাঙিল চৰকাৰী গাঁওবুঢ়াৰ। মাক্স নিপিন্ধা বাবেই এজন গাওঁবুঢ়াক ঘুচিয়াই দুটাকৈ দাঁত ভাঙি পেলালে আৰক্ষীয়ে। এই ঘটনাই এতিয়া মাজুলীত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। নামনি মাজুলীৰ গুৱালগাঁও চাৰিআলিত মলাপিন্ধা মিছিং গাঁৱৰ ভদ্ৰ দলে নামৰ চৰকাৰী গাওঁবুঢ়াজনে বানাক্ৰান্তৰ খবৰ লৈ ঘৰলৈ আহি থকা অৱস্থাত গুৱালগাঁও চাৰিআলিত মুখামুখি হয় গড়মূৰ সদৰ থানা আৰু বালিচাপৰি আউত পোষ্টৰ আৰক্ষীৰ। মাক্স নিপিন্ধাৰ বাবেই কোনো কথা নোসোধাকৈ আৰক্ষীয়ে গাওঁবুঢ়াজনক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

আৰক্ষীৰ ঘোচাত দুটা দাঁত ভাগি যায় গাঁওবুঢ়াজনৰ। এই ঘটনা প্ৰত্যক্ষ কৰি থকা স্থানীয় লোক লগে লগে উপস্থিত হৈ পৰিৱেশ উত্তপ্ত কৰি তোলাৰ লগতে ঘেৰাও কৰে আৰক্ষীৰ দলটোক। দুটাকৈ দাঁত ভাগি যোৱাৰ লগতে পেটত গুৰুতৰ আঘাত পোৱা গাওঁবুঢ়া ভদ্ৰ দলেক গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ৰাইজে।
Published by:Sanjay Kumar Das
First published: