প্ৰমাণপত্ৰ প্ৰদানৰ নামত কোনো গাওঁবুঢ়াই ধন লব নোৱাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়াৰ সময়তে বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বৰনগৰ ৰাজহ চক্ৰৰ অধীনস্থ বগুৰিগুৰী গাঁৱৰ গাঁওবুঢ়াৰ বিৰুদ্ধে উত্থাপিত হৈছে বৃহৎ পৰিমাণ টকাৰ বিনিময়ত প্ৰমাণপত্ৰ প্ৰদান কৰাৰ ভয়ংকৰ অভিযোগ ৷
অঞ্চলটোৰ একাংশ ৰাইজে সংবাদ মাধ্যমৰ আগত গাঁওবুঢ়া ফকৰুদ্দিন আহমেদৰ বিৰুদ্ধে উত্থাপন কৰে এই অভিযোগ ৷ কেৱল অভিযোগেই নহয় গাঁওবুঢ়াগৰাকীৰ বিৰুদ্ধে ৰাইজে বিভিন্ন শ্লোগান দিয়াও পৰিলক্ষিত হৈছে ৷ গাঁওবুঢ়া ফকৰুদ্দিন আহমেদে দৰিদ্ৰ লোকসকলৰ পৰা প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ৫০০০ টকাৰ পৰা ১ লাখ টকালৈকে লোৱা বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে ৷
গাঁওবুঢ়াজনে কাকো ভয় নকৰে বুলিও প্ৰমাণ পত্ৰ নিবলৈ যোৱা লোকৰ আগত দম্ভালি মৰা বুলিও অভিযোগকাৰী সকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। গাঁওবুঢ়াজনৰ ৫০ লাখ টকীয়া ঘৰ আৰু ১২ লাখ টকীয়া বিলাসী গাড়ী আছে বুলিও ৰাইজে অভিযোগ কৰিছে। আনকি গাওঁবুঢ়াজনে এগৰাকী বাংলাদেশী লোককো ৰক্ষনাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷
ৰাইজে ইতিমধ্যে বৰপেটাৰ জিলা উপায়ুক্ত, বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ালৈ অভিযোগ পত্ৰ দাখিল কৰিছে ৷ ইপিনে ভুক্তভোগী মশিদুল ইছলামে গাওঁবুঢ়া ফকৰুদ্দিন আহমেদৰ বিৰুদ্ধে সৰভোগ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 12, 2022, 13:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।