உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গাওঁবুঢ়া নিযুক্তিৰ নামত ব্যাপক ধনৰ লেনদেন! দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ

    গাওঁবুঢ়া নিযুক্তিৰ নামত ব্যাপক ধনৰ লেনদেন! দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ

     শনিবাৰে তদন্তৰ অন্তত মানকাছাৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

    শনিবাৰে তদন্তৰ অন্তত মানকাছাৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

    শনিবাৰে তদন্তৰ অন্তত মানকাছাৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

    • Share this:
    গাওঁবুঢ়া নিযুক্তি কেলেংকাৰীঃ কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত ৭০টা গাওঁবুঢ়া পদ আৰু দক্ষিণ শালমাৰাত ২৪টা গাওঁবুঢ়া (Village Head) পদকে ধৰি মুঠ ৯৪টা গাঁওবুঢ়া পদৰ নিযুক্তিত কেলেংকাৰী (Appointment Scam)ৰ অভিযোগ উত্থাপন কৰিছিল বঞ্চিত গাওঁবুঢ়া প্ৰাৰ্থীসকলে ৷ আৰু এই অভিযোগৰ পিছতে জিলাখনত তদন্ত আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই। আৰু শনিবাৰে তদন্তৰ অন্তত মানকাছাৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

    শুকুৰবাৰে CM VIGILANCE ত হাজিৰ হৈছিল দুই চক্ৰ বিষয়া। গাওঁবুঢ়া নিযুক্তি কেলেংকাৰী সময়ত মানকাছাৰৰ চক্ৰ বিষয়া হৈ আছিল দুয়ো। কেইবা ঘণ্টা ধৰি জেৰা কৰাৰ  পিছত দুয়োকে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।

    গ্ৰেপ্তাৰ হোৱা বিক্ৰম আদিত্য বৰা বৰ্তমান BTCৰ অতিৰিক্ত উপায়ুক্ত। আনহাতে ইলিয়াছ আহমেদ বৰ্তমান গুৱাহাটীৰ পৰিবহণ বিভাগৰ উপ সচিব। গাঁও বুঢ়া নিযুক্তি বৰ্ডত এই দুজনৰ লগতে অতিকা চুলতানা আৰু চাইবুৰ ৰহমান আছিল সদস্য।

    উল্লেখ্য যে, বঞ্চিত প্ৰাৰ্থীসকলৰ অভিযোগ অনুসৰি তদানীন্তন ADC ছাইবৰ ৰহমান (Saibor Rohman) আৰু তদানীন্তন উপায়ুক্ত আতিকা চুলতানা (Atika Sultana)ই প্ৰতিটো গাওঁবুঢ়া পদৰ বাবে লাখ লাখ টকা সংগ্ৰহ কৰিছিল। ছাইবৰ ৰহমানক কিছুদিন পূৰ্বে আয়তকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।
    Published by:Himangshu Bhuyan
    First published: