মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গহপুৰত অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেপাৰ, আৰক্ষীয়ে জব্দ কৰিলে ৫৮ কাৰ্টন অৰুণাচলী সুৰা

গহপুৰত অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেপাৰ, আৰক্ষীয়ে জব্দ কৰিলে ৫৮ কাৰ্টন অৰুণাচলী সুৰা

News18 Assam | News18-Assam
Updated:June 28, 2021, 11:11 PM IST
গহপুৰত অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেপাৰ,  আৰক্ষীয়ে জব্দ কৰিলে ৫৮ কাৰ্টন অৰুণাচলী সুৰা
অবৈধ অৰুণাচলী সুৰাই গহপুৰৰ ভিন্ন স্থানত যুৱ সমাজক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে।

অবৈধ অৰুণাচলী সুৰাই গহপুৰৰ ভিন্ন স্থানত যুৱ সমাজক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে।

  • Share this:

কোৰোণাৰ এই ভয়াৱহ পৰিস্থিতিৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ যি সময়ত সামাজিক সচেতনতা আৰু সজাগতাৰ যথেষ্ট প্ৰয়োজন হৈ পৰিছে, ঠিক সেই সময়তে একাংশ সুৰা মাফিয়াই অবৈধভাৱে সুৰা বেপাৰ কৰি সম্পূৰ্ণৰূপে কলুষিত কৰি তুলিছে সুস্থ সামাজিক পৰিৱেশ।মাহেকীয়া মাননি লৈ অৰুণাচলী সুৰা ব্যৱসায়ীসকলক অৰুণাচলী সুৰা বেচিবলৈ উৎসাহিত কৰি অহা গহপুৰ আবকাৰীৰ কমিছনলোভী ভূমিকাৰ বাবে কোৰোণাৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতো গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অৰুণাচলী সুৰাৰ অবাধ প্ৰচলন। গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আজি পুৱা চলোৱা এক অৰুণাচলী সুৰাবিৰোধী অভিযানত মুঠ ৫৮ কাৰ্টন অৰুণাচলী সুৰা জব্দ হোৱা ঘটনাই গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তত যে  অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেপাৰ চলি আছে সেয়া পুনৰবাৰ প্ৰমাণিত কৰি তুলিছে।


এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি আৰক্ষী বিষয়া ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আজি পুৱা প্ৰায় ১০ বজাত লেপেটাপাৰাৰ পৱন কাৰ্ডঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এক অভিযান চলাইছিল। অভিযান কালত আৰক্ষীৰ অভিযানকাৰী দলটোৱে পৱন কাৰ্ডঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান (গেলামালৰ দোকান)ত গোপনে মজুত কৰি থোৱা অৱস্থাৰ পৰা ৫৮ কাৰ্টন অৰুণাচলী সুৰা জব্দ কৰি থানালৈ লৈ আহে।অৱশ্যে পৱন কাৰ্ডঙে সুযোগ বুজি পলায়ন কৰে। উল্লেখ্য যে পৱন কাৰ্ডঙে দীৰ্ঘদিন ধৰি এনেদৰে অৰুণাচলী মদৰ পাইকাৰী আৰু খুচুৰা বেপাৰ কৰি অঞ্চলটোৰ সামাজিক পৰিৱেশ বিঘ্নিত কৰি অহা বুলি স্থানীয় ৰাইজে অভিযোগ উথাপন কৰিছে। এনে অবৈধ অৰুণাচলী সুৰাই গহপুৰৰ ভিন্ন স্থানত যুৱ সমাজক বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে।


এনে অৰুণাচলী সুৰাবিৰোধী অভিযান দৈনিক চলি থকাটো বিচাৰিছে গহপুৰৰ সচেতন মহলে। অৰুণাচলৰ পৰা গহপুৰৰ দূৰত্ব অতি কম বাবেই সহজেই অৰুণাচলী সুৰা চোৰাংভাৱে সৰবৰাহ হৈ আহিছে গহপুৰলৈ। অৰুণাচলী সুৰাই এতিয়া কাল হৈছে গহপুৰত। পুলিয়ে–পোখাই অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা চলোৱা ব্যৱসায়ীসকলক উৎখাত কৰাৰ প্ৰয়োজন।

Published by: Gautam Barman
First published: June 28, 2021, 11:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি