• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, গ্ৰেপ্তাৰ তিনি মহিলা সৰবৰাহকাৰী

হোজাইত নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, গ্ৰেপ্তাৰ তিনি মহিলা সৰবৰাহকাৰী

অৱধ আছাম এক্সপ্ৰেছৰ এছ ৪ ডবাত তালাচী অভিযান চলাই ১৮ কেজি ৮০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হয় তিনিগৰাকী মহিলা সৰবৰাহকাৰীক।

  • Share this:
হোজাইত  বুধবাৰে নিশা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰা হৈছে তিনিগৰাকী মহিলা সৰবৰাহকাৰীক। হোজাই জিলাৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই লাভ কৰা এক গোপন খবৰৰ  ভিত্তিত হোজাই আৰক্ষী, জি আৰ পি আৰু আৰ পি এফক প্ৰদান নিৰ্দেশৰ ভিত্তিত যৌথভাৱে নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ এছ ৪ ডবাত তালাচী অভিযান চলাই ১৮ কেজি ৮০০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হয় তিনিগৰাকী মহিলা সৰবৰাহকাৰীক।

সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত মহিলাকেইগৰাকীক আৰক্ষীয়ে চলোৱা জেৰাত জব্দকৃত গাঞ্জাখিনি ডিমাপুৰৰ পৰা কলকাতালৈ নি আছিল বুলিও স্বীকাৰোক্তি দিছে।
Published by:Sanjay Kumar Das
First published: