ৰাজ্যজুৰি অসম আৰক্ষীৰ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সময়তে বাক্সাৰ তামুলপুৰ আৰক্ষীৰ সফলতা। অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে৷ কুমাৰীকাটাৰ ৩নং কালিপুৰৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি৷
জানিব পৰা মতে, এক গোপন সূত্ৰৰ পম খেদি তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক নিপণ গগৈৰ নেতৃত্বত এটি অভিযানকাৰী দলে বৃৃৃৃৃৃৃৃৃৃৃহস্পতিবাৰে অভিযান চলাই ত্ৰিশ কিলোগ্ৰাম ওজনৰ প্ৰায় ১ লক্ষাধিক টকাৰ মূল্যৰ গাঞ্জা জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত গাঞ্জা সৰবৰাহকাৰী জন কুমাৰীকাটাৰ ৩নং কালিপুৰৰ জ্যোতি দাস।
ধৃত জ্যোতি দাসে গাঞ্জাখিনি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ পৰা আনি কুমাৰীকাটাস্থিত নিজ বাসগৃহত ৰাখিছিল। সম্প্ৰতি অধিক তথ্যৰ বাবে আটকাধীন জ্যোতিক তামুলপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|