உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰহাৰ চাপৰমুখ ৰে'ল জংচনত কোটি কোটি টকাৰ গাঞ্জা জব্দ, চাৰি মাফিয়াক গ্ৰেপ্তাৰ

    ৰহাৰ চাপৰমুখ ৰে'ল জংচনত কোটি কোটি টকাৰ গাঞ্জা জব্দ, চাৰি মাফিয়াক গ্ৰেপ্তাৰ

    ৰাণী কমলাপতি এক্সপ্ৰেছেৰএটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ বক্সত লুকুৱাই আনিছিল অবৈধ গাঞ্জা।

    ৰাণী কমলাপতি এক্সপ্ৰেছেৰএটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ বক্সত লুকুৱাই আনিছিল অবৈধ গাঞ্জা।

    ৰাণী কমলাপতি এক্সপ্ৰেছেৰএটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ বক্সত লুকুৱাই আনিছিল অবৈধ গাঞ্জা।

    • Share this:
    ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সমন্তৰালকৈ ৰাজ্যত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ। সোমবাৰে পুৱতিনিশা ৰহাৰ চাপৰমুখ ৰে'ল জংচনত নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলায় উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ গাঞ্জা। নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এক কুইণ্টল ১২ কেজি গাঞ্জা।

    আগৰতলা-মধ্যপ্ৰদেশ হাবিবগঞ্জ ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই জব্দ কৰে তিনি–চাৰি কোটি টকাৰ মূল্যৰ অবৈধ গাঞ্জা। জানিব পৰা মতে ত্ৰিপুৰাৰ পৰা কেইবাটাও মাফিয়াই ৰাণী কমলাপতি এক্সপ্ৰেছেৰে বৃহৎ পৰিমাণৰ গাঞ্জাখিনি আনি আছিল। কিন্তু হোজাইত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই উক্ত ৰে'লখনৰ পৰা বহু সংখ্যক গাঞ্জা পেকেটসহ চাৰিটা গাঞ্জা মাফিয়াক আটক কৰে।

    পিছত গাঞ্জা মাফিয়াকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত একেখন ৰে'লতে নগাঁও আৰু ৰহা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। উল্লেখযোগ্য যে মাফিয়াই গাঞ্জাখিনি এটা ডবাৰ শৌচাগাৰৰ ভিতৰৰ  বক্সত লুকুৱাই আনিছিল। পিচত আৰক্ষীয়ে কাটাৰ মেচিন, হাতুৰী আদিৰে বক্স ভাঙি গাঞ্জাখিনি বাহিৰ কৰে। ঘটনা সন্দৰ্ভত  আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই জানিবলৈ দিছে। চাপৰমুখ জংচনত চলা অভিযানৰ নেতৃত্ব দিছিল নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই।
    Published by:Sanjay Kumar Das
    First published: