• Home
  • »
  • News
  • »
  • assam
  • »
  • গোৱাত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত MRS INDIA খিতাপ অসমৰ গংগা চৌধুৰীৰ

গোৱাত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত MRS INDIA খিতাপ অসমৰ গংগা চৌধুৰীৰ

গোৱাৰ পৰা উভতি অহাৰ লগে লগে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ঢোল-পেঁপাৰে  উষ্ম আদৰণি

  • Share this:
সৌন্দৰ্য প্ৰতিযোগিতাত পিছপৰি থকা নাই অসম। গোৱাত THE GLAMOROUS ষ্টুডিঅ'ৰ উদ্যোগত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ MR. MISS AND MRS   প্ৰতিযোগিতাত MRS INDIA হিচাপে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি অসমৰ নাম উজলাবলৈ সক্ষম হয়  অসমৰ মহিলা গংগা চৌধুৰীয়ে।

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি.আই. পি চ'কৰ পংকজ চৌধুৰীৰ পত্নী গংগা চৌধুৰীয়ে MRS INDIA হিচাপে শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে। গোৱাৰ পৰা উভতি অহাৰ লগে লগে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ঢোল-পেঁপাৰে  উষ্ম আদৰণি জনাই আত্মীয় তথা শুভাকাংক্ষীয়ে।

গোৱাত THE GLAMOROUS ষ্টুডিঅ'ৰ উদ্যোগত  MR. MISS AND MRS  প্ৰতিযোগিতাখন যোৱা ২৫ ফেব্ৰুৱাৰীত আৰম্ভণি হয় আৰু ২৮ ফেব্ৰুৱাৰীত ফাইনেল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত মহিলা শাখাত দেশৰ লগতে ৰাজ্যৰ প্ৰায় ৩২ গৰাকী মহিলা প্ৰতিযোগীক চেৰ পেলাই গংগা চৌধুৰীয়ে শ্ৰেষ্ঠ খিতাপ দখল কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি