ৰাজ্যত পুনৰ জঘন্য ঘটনা, ডিব্ৰুগড়ত কিশোৰীক দলবদ্ধ বলাৎকাৰ চাৰি নৰপিশাচৰ

News18 Assam | News18-Assam
Updated:June 21, 2020, 1:23 PM IST
ৰাজ্যত পুনৰ জঘন্য ঘটনা, ডিব্ৰুগড়ত কিশোৰীক দলবদ্ধ বলাৎকাৰ চাৰি নৰপিশাচৰ
ইতিমধ্যে ঘটনাত অভিযুক্ত চাৰিজনৰ ভিতৰত দুজন যুৱক ক্ৰমে বিকি ৰায় আৰু বিকাশ ৰায়ক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে ঘটনাত অভিযুক্ত চাৰিজনৰ ভিতৰত দুজন যুৱক ক্ৰমে বিকি ৰায় আৰু বিকাশ ৰায়ক গ্ৰেপ্তাৰ কৰে।

  • Share this:
ডিব্ৰুগড়ত দলবদ্ধ বলাৎকাৰৰ বলি কিশোৰী। চাৰি নৰপিশাচৰ কামনাৰ বলি এগৰাকী নাবালিকা। চাৰি যুৱকে চাহ বাগিচাৰ মাজত বলাৎকাৰ কৰি পেলাই থৈ গ’ল এগৰাকী নাবালিকাক। এই ঘটনাই এতিয়া চাঞ্চ্যলৰ সৃষ্টি কৰিছে সমগ্ৰ চহৰতে।

যোৱা ১৯ জুনৰ নিশা কিশোৰীগৰাকী নিজৰ বায়েকৰ ঘৰলৈ গৈ থকাৰ অৱস্থাত চাৰিজন যুৱকে বাট আগচি ধৰে। কিশোৰীগৰাকীক জালান বাগিচাৰ মাজলৈ বলপূৰ্বক লৈ যাই আৰু তাতে চাৰিওজন যুৱকে বলাৎকাৰ কৰে। ঘটনাৰ এদিনৰ পিছত কিশোৰীগৰাকীৰ পৰিয়ালে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে ইতিমধ্যে ঘটনাত অভিযুক্ত চাৰিজনৰ ভিতৰত দুজন যুৱক ক্ৰমে বিকি ৰায় আৰু বিকাশ ৰায়ক গ্ৰেপ্তাৰ কৰে। দুয়োৰে ঘৰ ডিব্ৰুগড় চহৰৰ চানমাৰিত বুলি জানিব পৰা গৈছে। লগতে আৰক্ষীয়ে তদন্তৰ খাতিৰত আন দুজন অভিযুক্তৰ নাম ঠিকনা বৰ্তমানলৈ প্ৰকাশ কৰা নাই।
First published: June 21, 2020, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading