সাৱধান! যোৰহাট নগৰ অঞ্চলত ভাড়াঘৰত বাহৰ পাতিছে বহু অপৰাধীয়ে

News18 Assam | News18-Assam
Updated:February 10, 2021, 10:11 AM IST
সাৱধান! যোৰহাট নগৰ অঞ্চলত ভাড়াঘৰত বাহৰ পাতিছে বহু অপৰাধীয়ে
চোৰৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ এই সফল অভিযানে পুনৰ প্ৰমাণ কৰিলে একাংশ ভাড়াঘৰ অপৰাধী চক্ৰই ব্যৱহাৰ কৰি অহাৰ কথা।

চোৰৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ এই সফল অভিযানে পুনৰ প্ৰমাণ কৰিলে একাংশ ভাড়াঘৰ অপৰাধী চক্ৰই ব্যৱহাৰ কৰি অহাৰ কথা।

  • News18 Assam
  • Last Updated: February 10, 2021, 10:11 AM IST
  • Share this:
যোৰহাটৰ বিভিন্ন স্থানত বিগত কেইমাহত জনসাধাৰণক ত্ৰাহি মধুসূদন সোঁৱৰাইছিল চোৰৰ দলে। কিন্তু শেহতীয়াকৈ এটা এটাকৈ জালত পৰিছে চোৰৰ দল। একাংশ ভাড়াঘৰৰ পৰাই এই চুৰিকাণ্ডসমূহ সংঘটিত হৈ অহাৰ তথ্য পুনৰ পোহৰলৈ আহিছে। যোৰহাট নগৰ অঞ্চলৰ ভাড়াঘৰত থাকি বিভিন্ন স্থানত সন্ত্ৰাস চলাই অহা এটা চোৰৰ দল জালত পৰিছে যোৰহাট সদৰ থানাৰ আৰক্ষীৰ। মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই চোৰৰ দলটোৰ পৰা উদ্ধাৰ কৰিছে সোণ-ৰূপৰ গহণাৰ লগতে বহু মূল্যবান সামগ্ৰী।

চোৰৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ এই সফল অভিযানে পুনৰ প্ৰমাণ কৰিলে একাংশ ভাড়াঘৰ অপৰাধী চক্ৰই ব্যৱহাৰ কৰি অহাৰ কথা। ভাড়াঘৰত থাকি নিশা হ’লেই বিভিন্ন স্থানত সন্ত্ৰাস চলাই অহা তিনিটা দুৰ্ধৰ্ষ চোৰক বহু চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰিছে যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে।

ধৃত চোৰকেইটাৰ পৰা লক্ষাধিক টকাৰ সা–সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হৈছে বহু সোণ–ৰূপৰ গহণা। এটা, দুটা নহয় ১৬টাকৈ মোবাইল ফোন উদ্ধাৰ হৈছে চোৰকেইটাৰ পৰা। নগদ ধনৰ লগতে আৰক্ষীয়ে চোৰকেইটাৰ পৰা চুৰিৰ বাবে ব্যৱহাৰ কৰা সা-সমগ্ৰীও উদ্ধাৰ কৰিছে।

চোৰকেইটাৰ পৰা এ এছ ১২ ইউ ৩৭৮৯ নম্বৰৰ এখন পালচাৰ ১৫০ বাইকো আৰক্ষীয়ে উদ্ধাৰ কৰিছে। যোৰহাটৰ ফাঁচি আলি আৰু পুজা ডুবিত থকা ভাড়া ঘৰত বাহৰ পাতি আছিল চোৰকেইটা। ধৃত চোৰকেইটা হ’ল শোণিতপুৰ ঢেকিয়াজুলিৰ হজৰত আলী, নগাঁৱৰ জুৰিয়াৰ তৈবুৰ ৰহমান আৰু তেজপুৰৰ ৰফিকুল ইছলাম।

বিভিন্ন কামৰ অজুহাতত যোৰহাটৰ ভাড়াঘৰত বাস কৰি আহিছিল চোৰকেইটাই। যোৰহাট নগৰৰ বিভিন্ন স্থানত থকা একাংশ ভাড়াঘৰৰ পৰাই এনেদৰে সন্ত্ৰাস চলাই আহিছে চোৰৰ লগতে বিভিন্ন অপৰাধী দলে। এই ভাড়াঘৰসমূহৰ ওপৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিলে এনে অপৰাধ বহুখিনি নিয়ন্ত্ৰণ হোৱাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত ভাড়াতীয়াৰ বিতং তথ্য স্থানীয় থানাত দিবলৈ পুনৰ ভাড়াঘৰৰ গৰকীসকলক আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: February 10, 2021, 10:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি