আপোনাৰ বাইক চুৰি হৈছিল নেকি? গোৱালপাৰাৰ ৰংজুলি থানাত খবৰ কৰি চাওক!

News18-Assam
Updated:November 25, 2019, 9:15 AM IST
আপোনাৰ বাইক চুৰি হৈছিল নেকি? গোৱালপাৰাৰ ৰংজুলি থানাত খবৰ কৰি চাওক!
দীৰ্ঘদিন ধৰি নামনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এই চক্ৰটোৱে অতি কৌশলেৰে বাইকসমূহ চুৰি কৰিছিল৷

দীৰ্ঘদিন ধৰি নামনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এই চক্ৰটোৱে অতি কৌশলেৰে বাইকসমূহ চুৰি কৰিছিল৷

  • Share this:
গোৱালপাৰাৰ ৰংজুলি আৰক্ষীৰ বৃহৎ সফলতা৷ নামনি অসমত দপদপাই থকা এটা বৃহৎ গাড়ী চুৰি চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে ৰংজুলি আৰক্ষীয়ে৷ ৮টা গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে ১৬খন চুৰি বাইক৷

এক গোপন সূত্ৰৰ পম খেদি ৰংজুলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভৱেন দাসে এটা বৃহৎ আৰক্ষীৰ দল লগত লৈ এক অভিযান চলাইছিল। এই অভিযানতে ১৬খন চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে জালত পৰে ৮ টা দুৰ্ধৰ্ষ চোৰ। উদ্ধাৰ হোৱা বাইক কেইখন কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গুৱাহাটী আৰু গোৱালপাৰাৰ বিভিন্ন ঠাইৰ পৰা চুৰি কৰা বুলি আৰক্ষীয়ে জনাইছে৷

দীৰ্ঘদিন ধৰি নামনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা এই চক্ৰটোৱে অতি কৌশলেৰে বাইকসমূহ চুৰি কৰিছিল৷ এই অভিযানত আৰক্ষীয়ে ভুৱা পঞ্জীয়ন চাৰ্টিফিকেট পত্ৰ বনোৱা কম্পিউটাৰ, প্ৰিণ্টাৰ আৰু বহু নথি–পত্ৰও জব্দ কৰে৷

News18ৰ কেমেৰাৰ সন্মুখত চুৰি চক্ৰটোৰ এজনে আয়ুক আলী নামৰ এজনে চুৰি বাইকসমূহ বেচা–কিনা কৰে বুলি মন্তব্য কৰে। আনহাতে, আৰক্ষী বিষয়া ভৱেন দাসে কয় - চুৰি বাইক আৰু উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে৷ এই গাড়ী চুৰি চক্ৰটোৰ মাষ্টাৰমাইণ্ডজনৰ লগতে বহুকেইজন সদস্যক অতি সোনকালে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি