খাৰুপেটীয়াত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড তিনি দুৰ্ধৰ্ষ ডকাইত

ধৃত ডকাইতৰ দলটোৱে দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত।

News18-Assam
Updated:October 22, 2019, 12:50 PM IST
খাৰুপেটীয়াত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড তিনি দুৰ্ধৰ্ষ ডকাইত
ধৃত ডকাইতৰ দলটোৱে দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত।
News18-Assam
Updated: October 22, 2019, 12:50 PM IST
দৰঙ আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত৷ গুৱাহাটীৰ হাতীগাঁৱৰ ডকাইতি কাণ্ডত জড়িত এই তিনি ডকাইতে মহানগৰ আৰক্ষীৰ চকুত ধূলি মাৰি পলাই আছিল। ধৃত ডকাইত তিনিটাৰ নাম মহিদুল ইছলাম, জয়নাল আবেদিন আৰু মুছফিকুৰ আহমেদ। খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওকে।

ধৃত ডকাইতৰ দলটোৱে দৰঙৰ লগতে গুৱাহাটীৰ কেইবাটাও চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ লগত জড়িত। অসম আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড হৈ পৰা ডকাইতৰ দলটোক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আনহাতে গুৱাহাটীৰ হাতীগাঁও থানাত ডকাইতকেইটাৰ বিৰুদ্ধে আছে ৬৪০/১৮ৰ গোচৰ। দৰং আৰক্ষীয়ে ডকাইতৰ দলটোক জেৰা অব্যাহত ৰাখিছে৷

এয়াও পঢ়ক : কাপোৰ নিপিন্ধাকৈ খাদ্য প্ৰস্তুত কৰি লাখ টকা উপাৰ্জন কৰিছে এইগৰাকী ইউটিউবাৰে!

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি