নগাঁও আৰক্ষীৰ জালত ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পৰ ডকাইতি কাণ্ডত জড়িত ৭ দুৰ্ধৰ্ষ ডকাইত

News18-Assam
Updated:November 26, 2019, 7:24 AM IST
নগাঁও আৰক্ষীৰ জালত ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পৰ ডকাইতি কাণ্ডত জড়িত ৭ দুৰ্ধৰ্ষ ডকাইত
ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাজীৱ বৰদলৈৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে পেট্ৰ’ল পাম্পৰ পৰা লুটি নিয়া কম্পিউটাৰ ছেট, চিচিটিভি কেমেৰা আৰু বহু সামগ্ৰী।

ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাজীৱ বৰদলৈৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে পেট্ৰ’ল পাম্পৰ পৰা লুটি নিয়া কম্পিউটাৰ ছেট, চিচিটিভি কেমেৰা আৰু বহু সামগ্ৰী।

  • Share this:
নীলোৎপল বৰা : যোৱা ১৭ নৱেম্বৰত নগাঁৱৰ পুৰণিগুদামৰ ৰিলায়েঞ্চ পেট্ৰ’ল পাম্পত সংঘটিত ডকাইতি কাণ্ডত জড়িত ৭ দুৰ্ধৰ্ষ ডকাইতক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল নগাঁও আৰক্ষী। অত্যাধুনিক 7.65MM পিষ্টল আৰু .22 পিষ্টলসহ ৭ ডকাইতক নগাঁও আৰক্ষীয়ে সোমবাৰে নিশা প্ৰায় ১ বজাত বঢ়মপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰাজীৱ বৰদলৈৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে পেট্ৰ’ল পাম্পৰ পৰা লুটি নিয়া কম্পিউটাৰ ছেট, চিচিটিভি কেমেৰা আৰু বহু সামগ্ৰী। কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু নগাঁও আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক জন দাসে নেতৃত্ব দিয়া অভিযানত ৰাজীৱ বৰদলৈসহ ৭ দুৰ্ধৰ্ষ ডকাইতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ডকাইতি কাণ্ডত ব্যৱহৃত অস্ত্ৰ–শস্ত্ৰৰ লগতে অন্যান্য সামগ্ৰী



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি