ট্ৰাকত বহি ডকাইতিৰ পৰিকল্পনা, বশিষ্ঠ আৰক্ষীৰ জালত ৯ দুৰ্ধৰ্ষ ডকাইত

News18 Assam | News18-Assam
Updated:January 28, 2020, 10:28 AM IST
ট্ৰাকত বহি ডকাইতিৰ পৰিকল্পনা, বশিষ্ঠ আৰক্ষীৰ জালত ৯ দুৰ্ধৰ্ষ ডকাইত
ধৃত ডকাইতৰ দলটোৰ পৰা কেইবাখনো চোকা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

ধৃত ডকাইতৰ দলটোৰ পৰা কেইবাখনো চোকা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

  • Share this:
মহানগৰীৰ লালমাটিত ৯ দুধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ। ক্ৰাইমব্ৰাঞ্চ আৰু আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ডকাইতৰ দলটোক। লালমাটিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চঞ্চল ধাবাত আহাৰ গ্ৰহণ কৰি আছিল ৫ ডকাইতে। আন চাৰিজনে ট্ৰাকত বহি কৰি আছিল ডকাইতিৰ পৰিকল্পনা। সেই সময়তে আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আটাইকে।

ধৃত ডকাইতৰ দলটোৰ পৰা কেইবাখনো চোকা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। ধৃত ডকাইতকেইটাৰ নাম আব্দুল মাজিদ, অনোৱাৰ ইছলাম, আমিনুল ইছলাম, ইক্রাবুল আলী, গুলজাৰ হুছেইন, হানিফ আলী, লোকমাৰ হুছেইন, চাহিল হুছেইন আৰু আতাবুৰ আলী। নগাঁও আৰু হোজাইত ঘৰ ডকাইতৰ দলটোৰ। ডকাইতিত ব্যৱহাৰ কৰা একন বাহনো জব্দ কৰে আৰক্ষীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি