• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাই তিনি কুখ্যাত গাড়ী চোৰক আটক, উদ্ধাৰ ভাড়ালৈ নি বিক্ৰী কৰা গাড়ী

হোজাই তিনি কুখ্যাত গাড়ী চোৰক আটক, উদ্ধাৰ ভাড়ালৈ নি বিক্ৰী কৰা গাড়ী

ধৃত চোৰকেইটা ক্ৰমে আব্দুল লতিফ, আব্দুল কালাম আৰু ৰহমত আলী৷

ধৃত চোৰকেইটা ক্ৰমে আব্দুল লতিফ, আব্দুল কালাম আৰু ৰহমত আলী৷

ধৃত চোৰকেইটা ক্ৰমে আব্দুল লতিফ, আব্দুল কালাম আৰু ৰহমত আলী৷

  • Share this:
হোজাই জিলাৰ মোৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ লগত জড়িত থকা তিনি কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ৷ মোৰাঝাৰ থানাৰ আৰক্ষী বিষয়া কবিৰ সিং লম্বুৰ নেতৃত্বত অভিযান চলাই নিশা হোজাইৰ চৌধুৰীবজাৰ, যমুনামুখ আদি বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে গাড়ী চোৰ তিনিটাক৷ ধৃত চোৰকেইটা ক্ৰমে আব্দুল লতিফ, আব্দুল কালাম আৰু ৰহমত আলী৷

৩০ ছেপ্টেম্বৰত এই চক্ৰটোৱে গুৱাহাটীৰ লালমাটিৰ পৰা AS 01 JC 7797 নম্বৰৰ ALTO 800 গাড়ী এখন ৫০০০ টকাৰ ভাড়াত বন্দোবস্ত কৰি মোৰাজাৰ থানাৰ অন্তৰ্গত চৌধুৰীবজাৰলৈ লৈ আহে৷ কিন্তু আধাবাটত চক্ৰটোৱে গাড়ীচালক সুৰেন্দ্ৰ মোহন দাসক নিচাজাতীয় দ্ৰব্য খুৱাই অজ্ঞান কৰি বাটত পেলাই থৈ গাড়ীখন লৈ পলায়ন কৰে৷

২ অক্টোবৰত মোৰাঝাৰ আৰক্ষীয়ে গাড়ী চালকজনক উদ্ধাৰ কৰি ঘটনা সংক্ৰান্তত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে৷ তদন্তত গাড়ী চোৰ আব্দুল লতিফ আৰু আব্দুল কালামে চুৰি গাড়ীখন যমুনামুখৰ ৰহমত আলীৰ ওচৰত বিক্ৰী কৰা বুলি জানিব পাৰে মোৰাঝাৰ আৰক্ষীয়ে৷ মোৰাঝাৰ আৰক্ষীয়ে তদন্ত কৰি চৌধুৰীবজাৰৰ পৰা আব্দুল লতিফ আৰু আব্দুল কালামক আটক কৰাৰ লগতে দুয়ো চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত যমুনামুখৰ পৰা ৰহমত আলীক আটক কৰে৷ আৰক্ষীয়ে যমুনামুখৰ পৰা চুৰি গাড়ীখনো উদ্ধাৰ কৰিছে৷

উল্লেখ্য যে কুখ্যাত গাড়ী চোৰ আব্দুল লতিফৰ ওপৰত পূৰ্বতে ৬টাকৈ গাড়ী চুৰিৰ গোচৰ ৰাজ্যৰ বিভিন্ন থানাত পঞ্জীয়ন হৈ আছে বুলি জানিব পৰা গৈছে৷
Published by:Sanjay Kumar Das
First published: