• Home
  • »
  • News
  • »
  • assam
  • »
  • জালুকবাৰী আৰক্ষীৰ জালত পাঁচ দুৰ্ধৰ্ষ চোৰ, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ চোৰকেইটাক

জালুকবাৰী আৰক্ষীৰ জালত পাঁচ দুৰ্ধৰ্ষ চোৰ, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ চোৰকেইটাক

ধৃত চোৰকেইটা মহানগৰীৰ বহু চুৰিকাণ্ডৰ ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল জালুকবাৰী আৰক্ষীয়ে।

ধৃত চোৰকেইটা মহানগৰীৰ বহু চুৰিকাণ্ডৰ ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল জালুকবাৰী আৰক্ষীয়ে।

ধৃত চোৰকেইটা মহানগৰীৰ বহু চুৰিকাণ্ডৰ ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল জালুকবাৰী আৰক্ষীয়ে।

  • Share this:
জালুকবাৰী আৰক্ষীৰ জালত পাঁচ দুৰ্ধৰ্ষ চোৰ। ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই চোৰকেইটাক। যোৱা কিছুদিন পূৰ্বে জীতেন নাৰ্জাৰী, দেবু হাজৰিকা, জীতেন পল আৰু জেহেৰুল হক নামৰ চাৰি দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিছিল জালুকবাৰী আৰক্ষীয়ে। ধৃত চোৰকেইটা মহানগৰীৰ বহু চুৰিকাণ্ডৰ ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল জালুকবাৰী আৰক্ষীয়ে। যাৰ বাবে আদালতত হাজিৰ কৰাই ঘটনাৰ তদন্তৰ বাবে তিনিদিনৰ নিজৰ জিম্মাত লয় জালুকবাৰী আৰক্ষীয়ে।

এই চাৰি চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশা আৰক্ষীয়ে পাণ্ডুৰ সদিলাপুৰৰ পৰা আদবিন বসুমতাৰী নামৰ এজন কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে আটাইকেইটা চোৰক লৈ মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই চলাই আছে। আৰক্ষীৰ সন্দেহ, চোৰৰ এটা বৃহৎ গেঙে গুৱাহাটীত ঘাটি পাতি বিভিন্ন চুৰিকাণ্ড সংঘটিত কৰি আহিছে।
Published by:Sanjay Kumar Das
First published: