আজি গণেশ চতুৰ্থী, সিদ্ধিদাতাৰ পূজা–অৰ্চনাত ব্যস্ত ভক্তগণ

মুম্বাইত ১১ দিনীয়াকৈ আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ।

News18-Assam
Updated:September 2, 2019, 9:03 AM IST
আজি গণেশ চতুৰ্থী, সিদ্ধিদাতাৰ পূজা–অৰ্চনাত ব্যস্ত ভক্তগণ
মুম্বাইত ১১ দিনীয়াকৈ আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ।
News18-Assam
Updated: September 2, 2019, 9:03 AM IST
আজি গণেশ চতুৰ্থী। সমগ্ৰ ভাৰতৰ লগতে অসমতো সিদ্ধিদাতাৰ পূজাৰ ব্যাপক আয়োজন কৰা হৈছে। ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও। হিন্দু ধর্মৰ দেৱতাসকলৰ ভিতৰত প্ৰভু গণেশকেই আগস্থান দিয়া হয় অৰ্থাৎ আদি পূজা গণেশক দিয়া হয়। ব্যৱসায়িক প্ৰতিস্থান আদিতো গণেশ চতুৰ্থী উদযাপনৰ ব্যাপক যো–জা চলিছে। পুৱাৰে পৰা ৰাজ্যৰ গণেশ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ ভিৰ। মহানগৰীৰ গণেশ মন্দিৰতো পুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোঁত বৈছে।

দেশৰ ভিন্ন প্ৰান্তৰ লগতে মুম্বাইতো গণেশ চতুৰ্থীৰ ব্যাপক আয়োজন। মুম্বাইত ১১ দিনীয়াকৈ আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ। ১২ ছেপ্টেম্বৰত বিসৰ্জন দিয়া হ’ব গণেশ মূৰ্তি। গণেশ মন্দিৰত ভিৰ কৰিছে বলীউদৰ অভিনেতা–অভিনেত্ৰীসকলেও। সুন্দৰকৈ সজাই–পৰাই তোলা হৈছে পূজাথলী। মুম্বাইৰ লালবাগচাত চন্দ্ৰযানৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। বছৰটো কুশলে যোৱাৰ কামনাৰে পুৱাৰে পৰা পাৰ্বতীনন্দনৰ পূজাত ব্যস্ত হৈছে ভক্তগণ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি