• Home
  • »
  • News
  • »
  • assam
  • »
  • হিংসামুক্ত বিটিআৰৰ বাবে এবছুৰ বিশ্ব অহিংসা দিৱসত সংকল্প, প্ৰতীকী অস্ত্ৰ–শস্ত্ৰ দাহেৰে শান্তিৰ পোষকতা

হিংসামুক্ত বিটিআৰৰ বাবে এবছুৰ বিশ্ব অহিংসা দিৱসত সংকল্প, প্ৰতীকী অস্ত্ৰ–শস্ত্ৰ দাহেৰে শান্তিৰ পোষকতা

 মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, সংস্কৃত পন্ডিত ৰমেশ ভৰদ্বাজে।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, সংস্কৃত পন্ডিত ৰমেশ ভৰদ্বাজে।

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, সংস্কৃত পন্ডিত ৰমেশ ভৰদ্বাজে।

  • Share this:

২ অক্টোবৰৰ দিনটোতে অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী তথা বিশ্ব অহিংসা দিৱস উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে অহিংসাৰ মন্ত্ৰ সাৰোগত কৰি এখন হিংসা, অস্ত্ৰ-শস্ত্ৰ মুক্ত, শান্তিৰ বিটিআৰ গঠনৰ সংকল্প গ্ৰহণ কৰে।


এবছুৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ পাটগাঁও হাইস্কুল খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল গান্ধী জয়ন্তী তথা বিশ্ব অহিংসা দিৱস৷  উক্ত দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা, সংস্কৃত পন্ডিত, গৱেষক, গান্ধীবাদী  ৰমেশ ভৰদ্বাজেও।


সংবাদ মাধ্যমৰ আগত ''বড়ো জনগোষ্ঠীয়ে ভাৰতীয় সংবিধানে প্ৰদান কৰা সকলো অধিকাৰ প্ৰাপ্ত কৰিব লাগিব'' বুলি উল্লেখ কৰি ''এইখন হিন্দুস্থান ইয়াত সকলো জনজাতিৰ নিজৰ নিজৰ ভাষা–সংস্কৃতি জীয়াই ৰখাৰ অধিকাৰ আছে'' বুলি মন্তব্য কৰে ভৰদ্বাজে।


এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ সভাপতি দীপেন বড়ো আৰু উপ-সভাপতি খৌৰৌমদাউ ৱাৰীয়ে উপস্থিত ৰাইজক সাক্ষী ৰাখি কয় যে এখন হিংসাবৰ্জিত, সন্ত্ৰাসমুক্ত, অস্ত্ৰ-শস্ত্ৰমুক্ত বিটিআৰ গঠনৰ বাবে অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ জয়ন্তীত সংকল্প গ্ৰহণ কৰা হৈছে ৷


আজিৰ অনুষ্ঠানৰ সকলো কাৰ্যসূচীৰ ভিতৰত এবছুৱে প্ৰতীকী অস্ত্ৰ-শস্ত্ৰ দাহ কৰা কাৰ্যসূচী আছিল অন্যতম। হিংসামুক্ত বিটিআৰৰ বাবে আছুৱে আজিৰ দিনটোতে সকলোকে আহ্বান জনায়। ইয়াৰ লগতে এক শান্তি সমদলো উলিওৱা হয়।

Published by:Gautam Barman
First published: