দিল্লী-গুজৰাটত আদৰ বাঢ়িছে ‘অসমীয়া মাস্ক’ৰ, ক্ৰয় কৰিলে বিশ্ব বেংকেও

News18 Assam | News18-Assam
Updated:May 29, 2020, 12:20 AM IST
দিল্লী-গুজৰাটত আদৰ বাঢ়িছে ‘অসমীয়া মাস্ক’ৰ, ক্ৰয় কৰিলে বিশ্ব বেংকেও

  • Share this:
বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচা আৰু কাপোৰৰ মাস্কৰ চাহিদা। নগাঁও জিলাৰ চামগুৰিৰ জ্যোতি জিমলী মহন্ত নামৰ মহিলাগৰাকীয়ে শেহতীয়া ভাৱে গুজৰাট, নতুন দিল্লী আৰু বহি:ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে গামোচাৰে নিৰ্মিত মাস্ক।

শেহতীয়া ভাৱে জিমলীয়ে অসম চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগ আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত প্ৰস্তুত কৰিছে হাজাৰ হাজাৰ "অসমী" ব্ৰেণ্ডৰ মাস্ক।  লক ডাউনৰ বাবে জিমলীৰ তাঁতশালৰ উদ্যোগ কেইদিনমানৰ কাৰণে বন্ধ হৈ পৰিছিল। সেই সময়তে জিমলীয়ে আৰম্ভ কৰিছিল গামোচাৰে মাস্ক বনোৱাৰ কাম। বৰ্তমান জিমলী মহন্তৰ পৰা ২০০ গামোচাৰ মাস্ক ক্ৰয় কৰিছে বিশ্ব বেংকে।

গুজৰাট আৰু নতুন দিল্লীৰ কেইবাটাও প্ৰতিষ্ঠানে জিমলীৰ পৰা গামোচাৰ মাস্ক ক্ৰয় কৰি গ্ৰাহকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰাৰ পিছত এতিয়া মুগাৰ মাস্ক প্ৰস্তুতৰ বাবে জিমলীক অনুৰোধ জনাইছে। ইতিমধ্যে বহি:ৰাজ্যৰ প্ৰতিষ্ঠানৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই জিমলীয়ে প্ৰস্তুত কৰিছে মুগাৰ মাস্ক।

দুৰ্যোগৰ সময়তো ভাৰতীয় বজাৰত অসমীয়া গামোচাৰ মাস্কৰ সমান্তৰাল ভাৱে  মুগাৰ মাস্কৰ চাহিদা বৃদ্ধি পাইছে। যিয়ে  অসমীয়া বস্ত্ৰ উদ্যোগলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।
First published: May 29, 2020, 12:20 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading