অসমীয়াৰ স্বাভিমান গামোচাক দুফাল কৰি বিতৰ্কৰ সৃষ্টি কৰা ‘বাংলা সাহিত্য সভা’ই স্বীকাৰ কৰিলে ভুল। অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বাংলা সাহিত্য সভাই। এক প্ৰেছ বিজ্ঞপ্তিযোগে বাংলা সাহিত্য সভাই কয়, বাংলা সাহিত্য সভা, অসমৰ প্ৰথম ৰাজ্যিক সন্মিলন উপলক্ষে অতিথি সম্বৰ্ধনাৰ ক্ষেত্ৰত অসমীয়া সমাজৰ ফুলাম গামোচাৰ সৈতে বাঙালী সমাজৰ মংগলঘট আৰু উৎসৱ আদিত ব্যৱহৃত গামচা সংযোগ কৰি নতুনকৈ এক সম্বৰ্ধনা বস্ত্ৰ কৰা হৈছিল। এই সম্বৰ্ধনা বস্ত্ৰ আমি সৃষ্টি কৰা নহয়। আমাৰ উদযাপন সমিতিৰ অভ্যৰ্থনা উপ–সমিতিৰ উদীয়মান প্ৰজন্মৰ কিছুসংখ্যক সদস্যই সামাজিক মাধ্যমৰ এখন ফটোৰ পৰা এই নমুনা গ্ৰহণ কৰিছিল। এই ফটো ডেৰ বছৰ পুৰণি।
শিলচৰৰ এক অনুষ্ঠানত কোনো এটা সংগঠনে সাংস্কৃতিক মন্ত্ৰীক এয়া দিছিল আৰু মন্ত্ৰীয়ে সেয়া হাঁহিমুখে গ্ৰহণ কৰিছিল বুলিও উল্লেখ কৰা হৈছে প্ৰেছ বিজ্ঞপ্তিত। লগত আছি শিলাদিত্য দেৱো, তেওঁ ভাষিক উন্নয়ন পৰিষদৰ সভাপতি হিপাচে আমাৰ পৃষ্ঠপোষক বুলিও উল্লেখ কৰে বাংলা সাহিত্য সভাই। সেয়ে তেওঁৰ সন্মতি গ্ৰহণ কৰি এয়া প্ৰস্তুত কৰা হৈছিল বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত।
ডেৰ বছৰে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া হোৱা নাই, এইবাৰ হ’ল। সেয়ে আমি অত্যন্ত বিব্ৰতবোধ কৰিছো বুলি উল্লেখ কৰিছে বাংলা সাহিত্য সভাই। এয়া বাংলা সাহিত্য সভাৰ ইচ্ছাকৃত নহয়, কাম্যও নহয় বুলি উল্লেখ বিবৃতিটোত। বৰাক–ব্ৰহ্মপুত্ৰৰ মিলনৰ এক প্ৰতীকৰূপেই এয়া গ্ৰহণ কৰা হৈছিল বুলি উল্লেখ কৰি বাংলা সাহিত্য সভাই কয়, ‘‘একাংশ মানুহে এয়া গ্ৰহণ কৰা নাই। অজানিতে আমি যদি আঘাত দিছো, তাৰ বাবে দুখ প্ৰকাশ কৰিছো আৰু আগন্তুক দিনত যাতে এই ধৰণৰ পৰিস্থিতি নাহে, তাৰ প্ৰতি সচেতন থাকিম।’’
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 28, 2023, 13:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।