মুখ্যপৃষ্ঠা »খবৰ »অসম »গোবর্ধন আঁচনি ৰূপায়নৰ ওপৰত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ গোপালকৰ সৈতে মত বিনিময় ...

গোবর্ধন আঁচনি ৰূপায়নৰ ওপৰত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ গোপালকৰ সৈতে মত বিনিময় ...

গোবৰ্ধন আচঁনিৰ যোগেদি গোবৰ আৰু অন্যান্য জৈৱ আৱৰ্জনাক কেৱল আৱৰ্জনা হিচাপে নহয়, আয়ৰ উৎস হিচাপে বিবেচনা কৰা হ’ব: মন্ত্রী জয়ন্ত মল্ল বৰুৱা

গোবৰ্ধন আচঁনিৰ যোগেদি গোবৰ আৰু অন্যান্য জৈৱ আৱৰ্জনাক কেৱল আৱৰ্জনা হিচাপে নহয়, আয়ৰ উৎস হিচাপে বিবেচনা কৰা হ’ব: মন্ত্রী জয়ন্ত মল্ল বৰুৱা

গোবৰ্ধন আচঁনিৰ যোগেদি গোবৰ আৰু অন্যান্য জৈৱ আৱৰ্জনাক কেৱল আৱৰ্জনা হিচাপে নহয়, আয়ৰ উৎস হিচাপে বিবেচনা কৰা হ’ব: মন্ত্রী জয়ন্ত মল্ল বৰুৱা

  • Share this:
অসম চৰকাৰৰ জনস্বাস্থ্য  কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত গোশালা আৰু দুগ্ধ উৎপাদক সমবায় সমিতিৰ প্রতিনিধি সকলৰ সৈতে স্বচ্ছ ভাৰত অভিযান (গ্রাম্য)- ৰ অন্তর্গত 'গোবর্ধন' আঁচনিৰ সন্দৰ্ভত মত বিনিময় কৰে।

কেন্দ্রীয় চৰকাৰৰ এই অভিলাষী আঁচনিৰ বিষয়ে ব্যাখ্যা কৰি মন্ত্রী গৰাকীয়ে কয় যে গোবর্ধন (Galvanising Organic Bio-Agro Resource Dhan) প্রকল্প হৈছে গ্ৰাম্যাঞ্চলত গোবৰ আৰু গোটা কৃষিজনিত পেলনীয়া সামগ্ৰী (নৰা, তুঁহ, বিভিন্ন শস্যৰ অৱশিষ্ট আদি) প্রচেছিঙৰ দ্বাৰা পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ উপৰিও শক্তি আৰু ধন আহৰণ কৰা ৷ উদাহৰণ স্বৰপে সামূহিক গোপালকসকলে গোবৰৰ প্রচেছিঙৰ দ্বাৰা বায়'গেছ আৰু লগতে জুলীয়া ভাগটোৰ পৰা কীটনাশক দ্ৰব্য উৎপাদন  কৰিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। আজিৰ এই বিশেষ আলোচনাত ৰাজ্যখনৰ ২১ খন জিলাৰ মুঠ ২৪ খন গোশালা আৰু দুগ্ধ উৎপাদক সমিতিৰ প্রতিনিধিসকলে ভাগ লয়।
উল্লেখযোগ্য যে, গোবৰ্ধন আঁচনি স্বচ্ছ ভাৰত মিছন গ্ৰামিন- পৰ্যায় ২ ৰ অধীনত ৰূপায়ণ কৰা হৈছে, যিয়ে মূলতঃ কৃষকৰ আয় বৃদ্ধি আৰু জৈৱ আৱৰ্জনাক সংকোচিত জৈৱ গেছলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। ইয়াৰ উপৰিও ইয়াৰ উদ্দেশ্যে হৈছে গাঁৱত পৰিষ্কাৰ- পৰিচ্ছন্নতা নিশ্চিত কৰা আৰু গৰু-ম’হৰ গোবৰ আৰু কঠিন কৃষি আৱৰ্জনাক জৈৱ গেছ, পচন সাৰ আৰু জৈৱ গোবৰলৈ ৰূপান্তৰিত কৰি সম্পদ আৰু শক্তি উৎপাদন কৰা, যাৰ যোগেদি  জনগোষ্ঠী সমূহৰ জীৱিকাৰ মানদণ্ড উন্নত হয়।
অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব Syedain Abbasi , স্বচ্ছ ভাৰত অভিযান (গ্রামীণ)- ৰ মিছন ডাইৰেক্টৰ  বিক্রম কৈৰী , জলজীৱন মিছনৰ মিছন ডাইৰেক্টৰ কৈলাশ কার্তিক , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব  দিগন্ত বৰুৱা , জনস্বাস্থ্য কাৰিকৰী (অনাময়) বিভাগৰ মুখ্য অভিযন্তা বিল্যা মংগল ৰয়  তথা অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ পাই সুখী হৈছে গোপালক সকলেও।

শেহতীয়া বাতৰি