মুখ্যপৃষ্ঠা »খবৰ »অসম »G20ৰ SFWG বৈঠকৰ সমাপ্তিৰ পিছতেই প্ৰতিনিধিসকলে আজি পবিতৰা অভয়াৰণ্য আৰু বস্ত্ৰনগৰী শুৱালকুছি ভ্ৰমণ কৰিব

G20ৰ SFWG বৈঠকৰ সমাপ্তিৰ পিছতেই প্ৰতিনিধিসকলে আজি পবিতৰা অভয়াৰণ্য আৰু বস্ত্ৰনগৰী শুৱালকুছি ভ্ৰমণ কৰিব

দিনৰ ১০ বজাত এটা দল শুৱালকুছিলৈ ৰাওনা হ'ব

দিনৰ ১০ বজাত এটা দল শুৱালকুছিলৈ ৰাওনা হ'ব

দিনৰ ১০ বজাত এটা দল শুৱালকুছিলৈ ৰাওনা হ'ব

  • Share this:
আজি পবিতৰা অভয়াৰণ্য আৰু শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শন কৰিব G20 সন্মিলনৰ প্ৰতিনিধিসকলে। ইতিমধ্যে, হোটেল ৰেডিছন ব্লু'ৰ পৰা পুৱা ৬ বজাত এটা দল পবিতৰালৈ ৰাওনা হৈছে। ইয়াৰোপৰি পুৱা ৮ বজাত আন এটা দলে পবিতৰালৈ যাত্ৰা কৰিব। আনহাতে, দিনৰ ১০ বজাত এটা দল শুৱালকুছিলৈ ৰাওনা হ'ব।

উল্লেখ্য যে, ৩ ফেব্ৰুৱাৰীত সফলতাৰে G20 গোটৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ প্ৰথমলানি বৈঠকৰ সামৰণি পৰিছিল। এই বৈঠক দুদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ হোটেল ৰেডিছন ব্লু'ত আয়োজন হৈছিল।

G20ৰ সদস্য দেশ, ১০ খন আমন্ত্ৰিত দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৯৫ গৰাকীয়ে অংশগ্ৰহণ কৰে এই বৈঠকত অংশগ্ৰহণ কৰিছিল। বৈঠকৰ অন্তত G20ৰ প্ৰতিনিধিসকলক পানবজাৰস্থিত ব্ৰহ্মপুত্ৰ হেৰিটেজ চেন্টাৰলৈ নিয়া হৈছিল য’ত প্ৰতিনিধিসকলৰ সন্মুখত অসমৰ কলা-সংস্কৃতি তথা ঐতিহ্য প্ৰদৰ্শন কৰা হয়। লগতে, হেৰিটেজ চেন্টাৰত তেওঁলোকৰ নৈশ ভোজৰ আয়োজন কৰা হয়।

মন কৰিবলগীয়া যে, ইতিমধ্যে বৈঠক সমাপ্ত কৰি শুকুৰবাৰে অৰ্থাৎ ৩ ফেব্ৰুৱাৰীত প্ৰায় ১৭গৰাকী প্ৰতিনিধিয়ে গুৱাহাটীৰ পৰা গুচি যায়।

শেহতীয়া বাতৰি