মুখ্যপৃষ্ঠা »খবৰ »অসম »G20 Summit: হোটেল ৰেডিছন ব্লু'ত আৰম্ভ G20ৰ প্ৰথম বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকৰ দ্বিতীয় দিনৰ কাৰ্যসূচী

G20 Summit: হোটেল ৰেডিছন ব্লু'ত আৰম্ভ G20ৰ প্ৰথম বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকৰ দ্বিতীয় দিনৰ কাৰ্যসূচী

এই কাৰ্যসূচীত  G20 সদস্য দেশ, ১০ খন আমন্ত্ৰিত দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৯৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

এই কাৰ্যসূচীত  G20 সদস্য দেশ, ১০ খন আমন্ত্ৰিত দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৯৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

  • Share this:
আজি G20 সন্মিলনৰ প্ৰথম বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকৰ দ্বিতীয়টো দিন। ইতিমধ্যে, হোটেল ৰেডিছন ব্লু'ত দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। এই কাৰ্যসূচীত  G20 সদস্য দেশ, ১০ খন আমন্ত্ৰিত দেশ আৰু ১৪ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৯৫ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। আজি দ্বিতীয় দিনৰ বৈঠক ৪ টাকৈ ছেচনত অনুষ্ঠিত হ'ব।

G20 সন্মিলনৰ গুৱাহাটীত অনুষ্ঠিত বৈঠকৰ দ্বিতীয়টো দিনৰ প্ৰথমটো ছেচন ‘‘বহনক্ষম বিত্তীয় ক্ষমতা নিৰ্মাণৰ আটাইতকৈ প্ৰয়োজনীয় ক্ষেত্ৰবোৰ চিনাক্ত কৰা: চাহিদা, ব্যৱস্থা আৰু ক্ষমতা নিৰ্মাণৰ ব্যৱধান’’ বিষয়ত হৈছে।

‘‘বহনক্ষম বিত্ত সম্পৰ্কীয় ক্ষমতা নিৰ্মাণ সেৱা কেনেদৰে উন্নত, পৰিপূৰক আৰু স্কেল কৰিব পাৰি’’- এই বিষয়ক লৈ দ্বিতীয় ছেচন হ'ব।

তৃতীয় ছেচনৰ বিষয় হ'ল- ‘‘স্থিৰতা-সংৰেখিত বিনিয়োগৰ বাবে ডাটা সম্পৰ্কীয় বাধাবোৰ অতিক্ৰম কৰিবলৈ প্ৰাসঙ্গিক টি.এ. ডিজাইন আৰু ৰূপায়ণ কৰা।’’

আনহাতে, ‘‘বহনক্ষম বিকাশৰ দিশত বিত্তীয় যোগানৰ বাবে পৰিৱেশ তন্ত্ৰৰ ক্ষমতা নিৰ্মাণ’’ বিষয়ত চতুৰ্থ ছেচন হ'ব।

মন কৰিবলগীয়া যে, বহুকেইটা আন্তৰ্জাতিক সংগঠনে এই ছেচনসমূহত ভাৰ্চুৱেলী যোগদান কৰিব।

উল্লেখ্য যে, কালি সফলতাৰে সামৰণি পৰিছিল G20 প্ৰথম বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ। ইয়াৰ পাছতেই বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধিসকলে ক্ৰুজযোগে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিছিল। ব্ৰহ্মপুত্ৰ পৰিদৰ্শনকালত নৈৰ পাৰত অসমৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰ অনবদ্য প্ৰদৰ্শনৰ আয়োজন কৰা হয়।

শেহতীয়া বাতৰি