গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু'ত আজিৰে পৰা জি২০ সন্মিলন আৰম্ভ হৈছে। ইতিমধ্যে পুৱাই জি২০ সন্মিলনৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানৰ উদ্বোধনী ভাষণ আগবঢ়ালে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উদ্বোধনী অনুষ্ঠানৰ পাছতেই ৰেডিছন ব্লু'ত এক সংবাদমেল সম্বোধন কৰে।
এই সংবাদমেলত সৰ্বানন্দ সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বিভিন্ন চহৰৰ লগতে গুৱাহাটীত জি২০ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকৰ যোগেদি জি২০ দেশসমূহে জলবায়ুৰ দিশত কেনেদৰে আগবাঢ়িব তাক লৈ আলোচনা কৰা হ’ব। সমান্তৰালভাৱে ভৱিষ্যতে মানৱ সমাজে কেনেদৰে শান্তি, প্ৰগতি, সমৃদ্ধি আৰু মানৱতাৰ বাবে কাম কৰিব পাৰিব তাক লৈও জি২০ বৈঠকত আলোচনা কৰা হ'ব। এই বৈঠকৰ যোগেদি অসমে এটা সুবৰ্ণ সুযোগ লাভ কৰিছে বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইয়াৰোপৰি তেওঁ কয় যে, গুৱাহাটীত এই বৈঠক অনুষ্ঠিত হোৱাৰ লগে লগে অসম চৰকাৰ, অসমৰ জনগণই এক বিশেষ সুবিধা লাভ কৰিছে। অসমৰ ঐতিহ্য, সাংস্কৃতিক পৰম্পৰা, ঐতিহাসিক কীৰ্তিচিহ্ন, ৰাষ্ট্ৰীয় উদ্যান আদি সম্পদ সম্ভাৱনা শক্তি আজি বিশ্ব দৰবাৰত প্ৰদৰ্শনৰ সুবৰ্ণ সুযোগ লাভ কৰিছে। এই সুযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সকলো ৰাজ্যক প্ৰদান কৰিছে বুলি তেওঁ কয়।
আৰু পঢ়ক : কলিজা আইতা আৰু নাই...পূৰ্বতে এনেধৰণৰ বৈঠকসমূহ মূল মূল কেইখনমান চহৰত হৈছিল। পূৰ্বৰ চৰকাৰবোৰে এনেধৰণৰ বৈঠক সীমিত চহৰতে সীমাৱদ্ধ ৰাখিছিল। কিন্তু প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈকে প্ৰতিটো প্ৰান্তক জি২০ বৈঠক আয়োজনৰ সুযোগ দিছে।
এই সুযোগেৰে প্ৰদান কৰি দেশৰ জনগণক অসমৰ হাজাৰ হাজাৰ বছৰ পুৰণা সভ্যতা, সংস্কৃতি, আধ্যাত্মিক পৰম্পৰা, মূল্যবোধ বিশ্বৰ বুকুত মৰ্যদা সহকাৰে, গৌৰৱেৰে প্ৰদৰ্শন কৰাৰ এই সুযোগ প্ৰধানমন্ত্ৰীয়ে দিছে।
তেওঁ লগতে কয় যে, ‘‘VOCAL FOR LOCAL মানসিকতাৰে আমি আমাৰ নিজৰ যোগ্যতা, দক্ষতা, সৌন্দৰ্য, ঐতিহ্য আজি বিশ্বৰ মঞ্চত প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছো। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিশ্চিতভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা জনাবই লাগিব।’’
তেওঁৰ দূৰদৰ্শী নেতৃত্বৰ বাবে এতিয়া ৰাজ্যসমূহে এনেধৰণৰ এটা সুন্দৰ সুযোগ লাভ কৰিছে বুলি কৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী মোদীক কৃতজ্ঞতা জনায়।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 02, 2023, 18:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|