• Home
  • »
  • News
  • »
  • assam
  • »
  • Abdul Khaleque: কংগ্ৰেছৰ এতিয়া বেয়া হৈছে, কিন্তু কংগ্ৰেছৰ ভৱিষ্যত উজ্বল, আব্দুল খালেকৰ মন্তব্য

Abdul Khaleque: কংগ্ৰেছৰ এতিয়া বেয়া হৈছে, কিন্তু কংগ্ৰেছৰ ভৱিষ্যত উজ্বল, আব্দুল খালেকৰ মন্তব্য

বতাহ-বৰষুণ আতৰি আকাশ ফৰকাল হ’ব, সোনকালে কংগ্ৰেছৰ ভাল দিন আহিব ৷ সাংসদ আব্দুল খালেকৰ মন্তব্য

বতাহ-বৰষুণ আতৰি আকাশ ফৰকাল হ’ব, সোনকালে কংগ্ৰেছৰ ভাল দিন আহিব ৷ সাংসদ আব্দুল খালেকৰ মন্তব্য

বতাহ-বৰষুণ আতৰি আকাশ ফৰকাল হ’ব, সোনকালে কংগ্ৰেছৰ ভাল দিন আহিব ৷ সাংসদ আব্দুল খালেকৰ মন্তব্য

  • Share this:
আগন্তুক দিনত কংগ্ৰেছৰ ভৱিষ্যত উজ্বল ৷ প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ অধীনত নিউ বঙাইগাঁৱত পিএছএ অক্সিজেন উৎপাদন প্ৰকল্প উদ্ধোধন কৰি বৰপেটাৰ সাংসদ আব্দুল খালেক (Abdul Khaleque)ৰ এই মন্তব্য ৷ প্ৰতি মিনিটত ২৫০ লিটাৰ অক্সিজেন (Oxygen Plant) উৎপাদনক্ষম প্ৰকল্পটোৰ পৰা অঞ্চলটো উপকৃত হ'ব বুলি মন্তব্য কৰে সাসংদ খালেকে।

নিউ বঙাইগাঁৱস্থিত ৰে'লৱে চিকিৎসালয়ত প্ৰকল্পটো উদ্বোধন কৰি সাংসদ খালেকে আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক আটাইকেইখন আসনতে পৰাস্ত কৰিবলৈ সক্ষম হ’ব বুলি দাবী কৰে ৷

শেহতীয়াভাৱে কংগ্ৰেছৰ বিপৰ্যয়ক লৈ সাংসদজনে কয় যে কংগ্ৰেছত এতিয়া বহু প্ৰত্যাহ্বান আহিছে ৷ বতাহ-বৰষুণ, ধুমুহা, বহু বেয়া দিন চলি আছে হেনো কংগ্ৰেছৰ ৷ কিন্তু  এটা দিনত বতৰ ফৰকাল হৈ উঠিব আৰু পুনৰ ভাল দিন ঘুৰি আহিব ৷

বিপিএফ (BPF), এআইইউডিএফ (AIUDF)ৰ সৈতে কংগ্ৰেছৰ কোনো ধৰণৰ মিত্ৰতা নাই বুলি স্পষ্ট কৰি দি সাংসদজনে উপ নিৰ্বাচনত কংগ্ৰেছে বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাব বুলি স্পষ্ট কৰি দিয়ে। অচিৰেই কংগ্ৰেছৰ ভাল দিন আহি আছে বুলি মন্তব্য কৰে সাংসদজনে ।
Published by:Manjumoni Borah
First published: