உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এফালে ৰাজ্যত ওলাইছে নতুন নতুন চাকৰিৰ বিজ্ঞাপন, আনফালে নিৰ্বাচিত হৈয়ো ১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত FTৰ ১,৬০০ প্ৰাৰ্থী

    এফালে ৰাজ্যত ওলাইছে নতুন নতুন চাকৰিৰ বিজ্ঞাপন, আনফালে নিৰ্বাচিত হৈয়ো ১০ মাহে নিযুক্তিৰ পৰা বঞ্চিত FTৰ ১,৬০০ প্ৰাৰ্থী

    চৰকাৰৰ ৰহস্যজনক ভূমিকাক লৈ ক্ষোভ

    চৰকাৰৰ ৰহস্যজনক ভূমিকাক লৈ ক্ষোভ

    চৰকাৰৰ ৰহস্যজনক ভূমিকাক লৈ ক্ষোভ

    • Share this:
    কোৰোণাৰ সন্ত্ৰাস চলি থকাৰ সময়তে ৰাজ্যত প্ৰায় প্ৰতিদিনেই ওলাইছে নতুন নতুন চাকৰিৰ বিজ্ঞাপন। অসম সচিবালয়, পৰিবহণ বিভাগ, আবকাৰী বিভাগকে ধৰি বহু চৰকাৰী বিভাগত খালী হৈছে পদ। অতি শীঘ্ৰে খালী হোৱা পদ পূৰণৰ বাবে মুখ্যমন্ত্ৰীয়েও দিছে কঠোৰ নিৰ্দেশ। কিন্তু তাৰ মাজতে এতিয়া নিৰ্বাচিতহৈও ১০ মাহে নিযুক্তি লাভৰ পৰা বঞ্চিত বিদেশী ন্যায়াধীকৰণৰ ১৬০০ প্ৰাৰ্থী।

    বঞ্চিত প্ৰাৰ্থী সকলে সংবাদমেল সম্বোধন কৰি কয় যে, ‘আমক চৰকাৰে দৰমহা দিবলৈ ধন নাই। কিন্তু একে সময়তে ১১০ খন বিদেশী ন্যায়াধীকৰণত ২২১ গৰাকী সদস্যক নিযুক্তি দিছে। তেওঁলোকক দৰমহা প্ৰদান কৰি আছে। মীন বিভাগ, কৃষি বিভাগত নতুনকৈ চৰকাৰে নিযুক্তি দিছে। শীঘ্ৰে ১১ হাজাৰ টেট শিক্ষক নিযুক্তিৰ কথা কৈছে। কিন্তু আমাৰ ক্ষেত্ৰত চৰকাৰে দেখুওৱা নাই কোনো সদিচ্ছা।’

    উল্লেখযোগ্য যে, বিগত বৰ্ষত খালী হোৱা ১৬০০ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰি ১৬০০ গৰাকী প্ৰাৰ্থীৰ নাম তালিকাভুক্ত কৰিছিল। কিন্তু সাত মাহে নিৰ্বাচিত প্ৰাৰ্থীসকল বঞ্চিত হৈ আছে নিযুক্তি লাভৰ পৰা। ইফালে এবছৰৰ ভিতৰত নিযুক্তি লাভ নকৰিলে বা পদৰ বিজ্ঞাপন পুনৰ ওলালে তেওঁলোকৰ নিযুক্তি বাতিল হৈ যাব বুলিও আশংকাত দিন পাৰ কৰিছে প্ৰাৰ্থীসকলে। গতিকে প্ৰাৰ্থীসকলে এতিয়া সোনকালে তেওঁলোকৰ নিযুক্তিৰ ব্যৱস্থা কৰি লাগে বুলি দাবী জনাইছে।
    Published by:Himangshu Bhuyan
    First published: