ক’ৰ পৰা কেনেকৈ আৰম্ভ হৈছে ‘চলো পাল্টাই’? ফেচবুক লাইভযোগে অসমক ভাগ ভাগ কৰাৰ ব্লুপ্ৰিণ্ট কাৰ?

এটা ফেচবুক লাইভৰ যোগেদি আৰম্ভ হৈছিল অসমত অসমীয়া ভাষাক ধ্বংস কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ‘চলো পাল্টাই’।

news18assam
Updated:May 30, 2019, 1:37 PM IST
ক’ৰ পৰা কেনেকৈ আৰম্ভ হৈছে ‘চলো পাল্টাই’? ফেচবুক লাইভযোগে অসমক ভাগ ভাগ কৰাৰ ব্লুপ্ৰিণ্ট কাৰ?
এটা ফেচবুক লাইভৰ যোগেদি আৰম্ভ হৈছিল অসমত অসমীয়া ভাষাক ধ্বংস কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ‘চলো পাল্টাই’।
news18assam
Updated: May 30, 2019, 1:37 PM IST
এটা ফেচবুক লাইভৰ যোগেদি আৰম্ভ হৈছিল অসমত অসমীয়া ভাষাক ধ্বংস কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ‘চলো পাল্টাই’। দিল্লীৰ পৰা গাৰ্গ চেতাৰ্জী নামৰ লোকজনৰ একাউণ্টৰ পৰা কৰা হৈছিল এই ফেচবুক লাইভ।



দিল্লীৰ চন্দন চেতাৰ্জী, কলকাতাৰ গাৰ্গ চেতাৰ্জী, অসমৰ শান্তনু মুখাৰ্জী, অমৃতলাল দাস, মন্তোষ মণ্ডল, নিখিল দাস আদি তথাকথিত নেতাই ফেচবুক লাইভযোগে বাঙালীসকলক একত্ৰিত হোৱাৰ আহ্বান জনোৱাৰ পিছতে অসমত ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।



কি ফেচবুক, কি হোৱাট্ছ এপ, সকলোতে এতিয়া এই বিভাজনমুখী মানসিকতাৰ চৰ্চা চলিছে। অসমীয়া সমাজে হাজাৰ বাহিৰা বাধা নেওচি পৰিপক্কতাৰ পৰিচয় দিয়াৰ সময়ত একাংশ লোকে এনেকৈ সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ যি অপচেষ্টা চলাইছে তাক কঠোৰ ভাষাৰে ধিক্কাৰ দিছে সচেতন মহলে।



কি এই ‘চলো পাল্টাই’?

ৰাজ্য অস্থিৰ কৰি সাতামপুৰুষীয়া সম্প্ৰীতি নষ্ট কৰিবলৈ এটা দুষ্ট চক্ৰই কৰিছে এই চক্ৰান্ত! ২০২১চনৰ লোকপিয়লত অসমত অসমীয়া ভাষা চেৰাই বাঙালী ভাষাক ৰাজ্যভাষা কৰাৰ উদ্দেশ্যৰে চলোৱা হৈছে ‘চলো পাল্টাই’ নামৰ এক বিশেষ কেম্পেইন।



হিন্দু বাঙালীসকলৰ লগতে পূৰ্ববঙ্গীয় মূলৰ মানুহক মাতৃভাষা বাঙালী লিখাৰ আহ্বান জনাই চলোৱা হৈছে প্ৰচাৰ, উদ্দেশ্য অসমত অসমীয়া ভাষাক সংখ্যালঘূ কৰা। ফেচবুক আৰু হোৱাটছ এপ গ্ৰুপত ইয়াক লৈ চলিছে ব্যাপক প্ৰচাৰ। অসমত বাঙালী ভাষীক সংখ্যাগুৰু বুলি তুলি ধৰিবলৈ এই ষড়যন্ত্ৰ কৰাৰ কথা কোৱা হৈছে।



২০২১ চনৰ লোকপিয়লত বাঙালী ভাষীৰ সংখ্যা বৃদ্ধিৰে অসমত অসমীয়া ভাষাক এলাগী কৰিবলৈ এই অপচেষ্টা দুষ্ট চক্ৰৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি