
Source-Google
সম্পাদিত হ’ল বড়ো শান্তি চুক্তি।
সম্পাদিত হ’ল বড়ো শান্তি চুক্তি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বহুকেইটা বড়ো সংগঠনৰ নেতাই স্বাক্ষৰ কৰে বড়ো শান্তি চুক্তিত। চুক্তিত স্বাক্ষৰ কৰে বড়ো বিদ্ৰোহী সংগঠন NDFBৰ চাৰিওটা সংগঠনৰ নেতাই।
অহা ৩০ জানুৱাৰীত আত্মসমৰ্পণ কৰিব প্ৰায় ১৫৫০ বিদ্ৰোহী নেতা কেডাৰে। এই সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহক সাংবাদিকে প্ৰশ্ন কৰাত কয় যে, ‘ আজিৰ পৰা কোনো উগ্ৰপন্থী নহয়। আমি সকলো ভাই ভাই। সকলোৰে সংস্থাপনৰ বাবেও চিন্তা–চৰ্চা কৰা হৈছে। সকলোকে বিশ্বাসত লৈ আগন্তুক দিনত আমি আগবাঢ়ি যাম।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|