আজিৰ পৰা ৰাজ্যত বন্ধ পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয়। সেইদৰে গুৱাহাটী মহানগৰীত বন্ধ থাকিব অষ্টম শ্ৰেণীলৈকে। শিক্ষকসকলে অনলাইৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিব লাগিব। শুকুৰবাৰে এই কথা জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ কেতবোৰ নীতি-নিৰ্দেশনাও ঘোষণা কৰে।
উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনোৱা মতে, শুকুৰবাৰে ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈছে ১১৬৭ গৰাকী লোক। সংখ্যাৰ ফালৰ পৰা কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫১৭গৰাকী লোক।
কোৰোণাক প্ৰতিহত কৰিবলৈ কি কি নীতি নিয়ম ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
- নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন।
- মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। চৰকাৰে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহিব পাৰিব।
- বিয়া আদি অনুষ্ঠানত ২০০ মানুহ আহিব পাৰিব।
- বিয়লি ভাগত কোনোধৰণৰ চুলাই ভাটি খুলিব নোৱাৰিব।
- আজিৰে পৰা সকলো স্কুল পঞ্চম শ্ৰেণীলৈকে ৩০ জানুৱাৰীলৈকে বন্ধ। গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বন্ধ।
- নৱম, দশম আৰুএকাদশ শ্ৰেণী অল্টাৰনেটিভ ৱেত চলিব।
- নৈশ বাছ চলি থাকিব। কেৱল ডাবল ডোজ ভেকচিন লোৱা মানুহহে উঠিব পাৰিব। কিন্তু নিশা হোটেলত খাদ্য বহি খাব নোৱাৰিব।
- আন্তঃ জিলা যাতায়াত অব্যাহত থাকিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|