ছাত্ৰ-ছাত্ৰীক অনলাইন ক্লাচ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে মুকলি কৰিছে ‘জ্ঞানবৃক্ষ চেনেল’
ছাত্ৰ-ছাত্ৰীক অনলাইন ক্লাচ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে মুকলি কৰিছে ‘জ্ঞানবৃক্ষ চেনেল’
জ্ঞানবৃক্ষ চেনেল সম্পূৰ্ণ ৰূপে শিক্ষাৰ লগত জড়িত। ছাত্ৰ-ছাত্ৰীক অনলাইন ক্লাচ প্ৰদানৰ উদ্দেশ্যে অসম চৰকাৰে মুকলি কৰিছে ‘জ্ঞানবৃক্ষ চেনেল’। জ্ঞানবৃক্ষ চেনেলৰ জৰিয়তে ৰাজ্যৰ বহু অভিজ্ঞ শিক্ষকে শিক্ষাদান কৰে। ল’ক ডাউনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ অসম চৰকাৰে আৰম্ভ কৰা এই বিশেষ চেনেল প্ৰথমে অসমৰ এটা ব্যক্তিগতখণ্ডৰ চেনেলৰ জৰিয়তে সম্প্ৰচাৰ কৰিছিল। কিন্তু এতিয়া অধিক ছাত্ৰ-ছাত্ৰীক স্পৰ্শ কৰাৰ স্বাৰ্থত জ্ঞানবৃক্ষ চেনেল উপলব্ধ হ’ব জিঅ’ টিভিত। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
জিঅ’ টিভিত জ্ঞানবৃক্ষ চেনেল উপলব্ধ হোৱাৰ লগে লগে কি কি লাভ হ’ব-
- ম’বাইল ফোনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে সহজতে পাঠ গ্ৰহণ কৰিব পাৰিব। কোনো ধৰণৰ টেলিভিচনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহ’ব।
- অসমত জিঅ’ৰ প্ৰায় ৮০ লাখ ব্যৱহাৰকাৰী আছে। সেইদৰে দেশত ৪০০ মিলিয়ন এক্টিভ ইউজাৰ আছে। গতিকে অধিক ছাত্ৰ-ছাত্ৰীক স্পৰ্শ কৰিব পাৰিব।
- ৭০০ চেনেলৰ ভিতৰত জিঅ’ টিভিৰ ৫২ টা চেনেল শিক্ষাৰ লগত জড়িত।
- চেনেলটো সম্পূৰ্ণ ৰূপে অসম চৰকাৰে মেনেজ কৰিব।
- জ্ঞানবৃক্ষ চেনেলতে লাইভ ক্লাচ চলিব।
- অসমীয়া, বাঙালী আৰু বড়ো ভাষাও উপলব্ধ হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|