உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘উন্মাদ’ অপবাদৰ পৰা ‘সৃজনাত্মক’ প্ৰশংসালৈ, অসমৰ এগৰাকী অভিযন্তাৰ পানী সংৰক্ষণৰ যুঁজ

    ‘উন্মাদ’ অপবাদৰ পৰা ‘সৃজনাত্মক’ প্ৰশংসালৈ, অসমৰ এগৰাকী অভিযন্তাৰ পানী সংৰক্ষণৰ যুঁজ

    গুৱাহাটীৰ সৰুমটৰীয়াৰ নিজৰ বাসগৃহত বৰষুণৰ পানী সংৰক্ষণৰ কাৰণে যেতিয়া এইজন অভিযন্তাই উদ্যোগ গ্ৰহণ কৰিছিল তেতিয়া সকলোৱে ইয়াৰ সফলতাক লৈ সন্দেহ প্ৰকাশ কৰিছিল। 

    গুৱাহাটীৰ সৰুমটৰীয়াৰ নিজৰ বাসগৃহত বৰষুণৰ পানী সংৰক্ষণৰ কাৰণে যেতিয়া এইজন অভিযন্তাই উদ্যোগ গ্ৰহণ কৰিছিল তেতিয়া সকলোৱে ইয়াৰ সফলতাক লৈ সন্দেহ প্ৰকাশ কৰিছিল। 

    গুৱাহাটীৰ সৰুমটৰীয়াৰ নিজৰ বাসগৃহত বৰষুণৰ পানী সংৰক্ষণৰ কাৰণে যেতিয়া এইজন অভিযন্তাই উদ্যোগ গ্ৰহণ কৰিছিল তেতিয়া সকলোৱে ইয়াৰ সফলতাক লৈ সন্দেহ প্ৰকাশ কৰিছিল। 

    • Share this:
    কেইবছৰমানৰ আগতে তেওঁৰ প্ৰতিবেশীসকলে তেওঁক ‘মানসিকভাৱে উন্মাদ’ আখ্যা দিছিল। কিন্তু জনস্বাস্থ্য বিভাগৰ কণিষ্ঠ অভিযন্তা প্ৰতুল ভৰালীয়ে ২০১৪ চনতে পানী সংৰক্ষণৰ কাৰণে সেই কথা চিন্তা কৰিছিল যি আজি নীতি নিৰ্ধাৰকসকলে চিন্তা চৰ্চা কৰিছে।

    গুৱাহাটীৰ পূৱ দিশত যেতিয়া ক’লা ডাৱৰে ছানি ধৰে তেতিয়া ভৰালী উৎফুল্লিত হৈ পৰে। বৰষুণৰ সময়ত তেওঁ প্ৰায় ৫,০০০ লিটাৰ পানী খাবলৈ আৰু ঘৰুৱা ব্যৱহাৰৰ কাৰণে জমা কৰে। নিজৰ ৮জনীয়া পৰিয়ালটোৰ লগতে তেওঁৰ চৌহদত ভাৰাতীয় হিচাপে থকা অন্য ৮জন লোকৰ কাৰণে সুন্দৰকৈ এই পানীৰে কাম চলি যায়।

    উল্লেখযোগ্য যে ২০১৪চনত গুৱাহাটীত আজিৰ দৰে খোৱাপানীৰ সমস্যা নাছিল। কিন্তু তেতিয়াই ভৰালীয়ে নিজৰ ঘৰত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। নিজৰ ঘৰৰ টিনপাত দিয়া চালৰ পৰা এডাল দীঘলীয়া পাইপেৰে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিছিল তেওঁ। এই পানী প্ৰথমে এটা দুকোঠলীয়া টেংকত জমা কৰা হৈছিল। প্ৰথম কোঠালিত গেদ আদি জমা হ’বলৈ দিয়া হয়। ইয়াৰ পৰা পৰিষ্কাৰ পানী দ্বিতীয়টো কোঠালিত পৰে। তাত কয়লাৰ জৰিয়তে অন্য অশুদ্ধি পানীৰ পৰা আঁতৰোৱা হয়। এইধৰণে পৰিষ্কাৰ কৰাৰ পিছত এই পানী ৩০০০লিটাৰৰ এক টেংকত জমা হয়।

    প্ৰতুল ভৰালীৰ মতে প্ৰথম যেতিয়া তেওঁ এই কাম কৰিবলৈ লৈছিল তেতিয়া তেওঁক চুবুৰীয়াই মানসিকভাৱে উন্মাদ বুলি অপযশ দিছিল। আজি তেওঁৰ সেই কামেই সময়ৰ প্ৰয়োজন বুলি বিবেচিত হৈছে। ভৰালীয়ে কয় তেওঁৰ পৰিয়ালে চাফা কৰাৰ পিছত বৰষুণৰ পানী খাই আছে আৰু কোনো ধৰনৰ স্বাস্থ্যজনিত সমস্যাত তেওঁলোক ভোগা নাই।

    ভৰালীৰ ব্যৱস্থাটোত আটাইতকৈ উল্লেখনীয় দিশ হৈছে তেওঁ প্ৰণালীটোত সংযোগ কৰা এডাল অতিৰিক্ত পাইপ। এই পাইপডালেৰে অতিৰিক্ত পানী ভূ–গৰ্ভলৈ যায়। অভিযন্তাগৰাকীৰ মতে ভূ–গৰ্ভৰ পানীৰ স্তৰৰ সামঞ্জস্যতা বৰ্তাই ৰখাৰ ক্ষেত্ৰতো আমি গুৰুত্ব দিব লাগে।

    গুৱাহাটী পৌৰ সভাৰ মতে কোনো এটা বিল্ডিং নিৰ্মানৰ অনুমতি তেতিয়াহে দিয়া হয় যেতিয়া আৱেদনকাৰীয়ে বৰষুণৰ পানী জমা কৰাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণৰ সহমত প্ৰকাশ কৰে। পৰিতাপৰ কথা এই নিয়ম কাচিৎহে পালন কৰা হয়।

    প্ৰায় ৩৫হাজাৰ টকা খৰছ কৰি ভৰালীয়ে এই বৰষুণৰ পানী জমা কৰাৰ ব্যৱস্থাটো নিৰ্মাণ কৰিছেষ

    ভূ–গৰ্ভস্থ পানীৰ স্তৰ যিটো হাৰত হ্ৰাস পাইছে এয়া চিন্তনীয়। সেই সময় অতি কাষত যেতিয়া আমি এবটল খোৱাপানীৰ কাৰণে বৃহৎ পৰিমাণৰ অৰ্থ ব্যয় কৰিব লাগিব।


    ভৰালীয়ে কয়।

    উত্তৰ–পূৱ ভাৰতত ভূ–গৰ্ভৰ ব্যৱহাৰযোগ্য পানীৰ স্তৰ ২০০৫–২০১৪চনৰ ভিতৰত উদ্বেগজনকভাৱে হ্ৰাস পাইছে। ইয়াৰ ফলত খৰাং, খাদ্যৰ সংকট আৰু খোৱাপানীৰ সংকট গভীৰ হৈ পৰিছে। অসমৰ দৰে ৰাজ্যত য’ত পানী প্ৰচুৰ পৰিমাণে উপলব্ধ তাতো ব্যৱহাৰযোগ্য ভূ–গৰ্ভৰ পানী দুই শতাংশলৈ কমিছে। এয়া আগন্তুক সময়ৰ খৰাং আৰু অশনি সময়ৰ ইংগিত মাত্ৰ!
    First published: