• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Tollgate: ১ এপ্ৰিলৰ পৰা বাঢ়িব টোলগেটৰ মাচুল, জানক কিমান ভৰিব লাগিব আপুনি?

Assam Tollgate: ১ এপ্ৰিলৰ পৰা বাঢ়িব টোলগেটৰ মাচুল, জানক কিমান ভৰিব লাগিব আপুনি?

Price Rise: বৰ্ধিত মাচুলক লৈ জনতাৰ হাৰাশাস্তি।

Price Rise: বৰ্ধিত মাচুলক লৈ জনতাৰ হাৰাশাস্তি।

Price Rise: বৰ্ধিত মাচুলক লৈ জনতাৰ হাৰাশাস্তি।

  • Share this:
মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত বিধানসভা নিৰ্বাচনৰ মাজতে অসমবাসীৰ মূৰত আন এটা মাধমাৰ। এক এপ্ৰিলৰ পৰা টোলগেটত মাচুল বৃদ্ধিৰ ঘোষণা। ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বাহনৰ পৰা অত্যাধিক টোল সংগ্ৰহ অভিযানত নামি পৰিছে।

বহিঃৰাজ্যৰ তুলনাত জৰাজীৰ্ণ আন্তঃগাথনি আৰু দুৰ্ঘটনাও সততে হৈ থকাৰ মাজতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমত স্থাপন কৰিছিল ৯খনকৈ টোলগেট। ইয়াৰে ৫খন টোলগেটত অহা এক এপ্ৰিলৰ পৰা ৫টকাৰ পৰা ৬৫টকা পৰ্যন্ত মাচুল বৃদ্ধি হ’ব। ইতিমধ্যে বাইহাটা চাৰিআলিৰ মদনপুৰ, ৰহা, নাজিৰাখাত, মান্দাৰবিছা আৰু ডবকাৰ মিকিৰআটীৰ টোলগেটৰ বিপৰীতে মাচুল বৃদ্ধিৰ জাননী প্ৰকাশ পাইছে। অন্যান্য কেইখনতো শীঘ্ৰেই ওলাব বৰ্ধিত মাচুলৰ জাননী।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জাননী অনুসৰি এতিয়াৰ পৰা আপুনি বাইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটত ব্যক্তিগত বাহন লৈ গ’লে এবাৰৰ যাত্ৰাৰ বাবে ১০৫টকাৰ সলনি দিব লাগিব ১১০ টকা। অহা–যোৱা কৰিলে একে গাড়ীৰ কাৰণে পূৰ্বৰ ১৬০টকাৰ পৰিৱৰ্তে দিব লাগিব ১৭০টকা। মাহিলী পাছৰ কাৰণে দিব লাগিব পূৰ্বৰ ৩৫২৫টকাৰ সলনি ৩৭৪০টকা। একেদৰে লঘূ বাণিজ্যিক বাহনে এবাৰত ১৭০টকাৰ পৰিৱৰ্তে ১৮০টকা, অহা যোৱাৰ কাৰণে পূৰ্বৰ ২৫৫টকাৰ সলনি ২৭০টকা, মাহিলী পাছৰ বিপৰীতে পূৰ্বৰ ৫৭০০টকাৰ পৰিৱৰ্তে ৬০৪৫টকা দিব লাগিব। টোলগেট অতিক্ৰম কৰিবলগীয়া জিলাত পঞ্জীয়ন হোৱা লঘূ বাণিজ্যিক বাহনে পূৰ্বৰ ৮৫টকাৰ সলনি দিব লাগিব ৯০টকা। একেদৰে মদনপুৰ টোলগেটত বাছ আৰু ট্ৰাকে এবাৰত ৩৬০টকাৰ পৰিৱৰ্তে ৩৮০টকা, অহা–যোৱাৰ কাৰমে পূৰ্বৰ ৫৩৫টকাৰ সলনি ৫৭০ টকা, মাহিলী পাছৰ বিনিময়ত আগৰ ১১,৯৪০টকাৰ সলনি ১২,৬৬৫টকা, তিনি এক্সেলযুক্ত বাণিজ্যিক বাহনে এবাৰত মদনপুৰ টোলগেটত পূৰ্বৰ ৩৯০টকাৰ সলনি ৪১৫টকা, অহা–যোৱাৰ কাৰণে ৫৮৫ টকাৰ ঠাইত ৬২০টকা, মাহিলী পাছৰ কাৰণে বৰ্ধিত হাৰত ১৩,৮১৫টকা আদায় দিব লাগিব। সেইদৰে নিৰ্মানকাৰ্যত ব্যৱহাৰ হোৱা গুৰু যান–বাহনে মদনপুৰ টোলগেটত পূৰ্বৰ ৫৬০টকাৰ পৰিৱৰ্তে পহিলা এপ্ৰিলৰ পৰা ৫৯৫টকা, অহা–যোৱাৰ বাবদ পূৰ্বৰ ৮৪০টকাৰ পৰিৱৰ্তে ৮৯৫টকা দিব লাগিব। ৭এক্সেলযুক্ত অথবা তাতোকৈ ডাঙৰ যান–বাহনে এবাৰত মদনপুৰ টোলগেটত ৭২৫টকা দিব লাগিব।

আনহাতে ৰহা টোলগেটত লঘূ চাৰিচকীয়া বাহনত পূৰ্বৰ ৯৫টকাৰ সলনি এবাৰৰ যাত্ৰাত ১০০টকা, লঘূ বাণিজ্যিক বাহনত এবাৰৰ যাত্ৰাত পূৰ্বৰ ১৫০টকাৰ সলনি ১৬০টকা, বাছ–ট্ৰাকে পূৰ্বৰ ৩১৫টকাৰ সলনি ৩৩৫টকা, তিনি এক্সেলযুক্ত বাণিজ্যিক বাহনে পূৰ্বৰ ৩৪০টকাৰ সলনি ৩৬৫টকা আদায় দিব লাগিব। এইধৰণেই গাড়ীৰ চাইজ চাই প্ৰাধিকৰণে ৫টকাৰ পৰা ৬৫টকালৈকে মাচুল বৃদ্ধি কৰিছে।

ডবকাৰ মিকিৰআটী হাওগাওঁ টোলগেটতো মাচুল বাঢ়িব। সেইমতে ডবকাৰ পৰা গুৱাহাটীলৈ যাবলগীয়া গাড়ীয়ে তিনিখন বেলেগ টোলগেটত বৰ্ধিত মাচুল দিব লগাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
First published: