• Home
  • »
  • News
  • »
  • assam
  • »
  • Numaligarh : লোমহৰ্ষক! এটা ম’বাইলৰ বাবেই তিনি বন্ধুৱে মিলি হত্যা কৰিলে এজন যুৱকক

Numaligarh : লোমহৰ্ষক! এটা ম’বাইলৰ বাবেই তিনি বন্ধুৱে মিলি হত্যা কৰিলে এজন যুৱকক

মুৰফুলনি চাহ বাগিচাৰ ১নং লাইনৰ কাৰ্তিক গড় নামৰ এজন যুৱকক যোৱা দেওবাৰে তিনি বন্ধুৱে এটা মোবাইলক কেন্দ্ৰ কৰি মাৰপিট কৰে।

  • Share this:
নুমলীগড়ত লোমহৰ্ষক হত্যাকাণ্ড। তিনি বন্ধুৱে মিলি এটা মোবাইলৰ কাৰণেই হত্যা কৰিলে এজনক। মাৰপিট কৰি মুৰ্মূষু অৱস্থাত চাহ বাগিচাৰ মাজত এৰি থৈ যায় ১৮ বছৰীয়া যুৱকজনক।

মুৰফুলনি চাহ বাগিচাৰ ১নং লাইনৰ কাৰ্তিক গড় নামৰ এজন যুৱকক যোৱা দেওবাৰে তিনি বন্ধুৱে এটা মোবাইলক কেন্দ্ৰ কৰি মাৰপিট কৰে। মাৰপিত কৰি যুৱকজনক পেলাই থৈ যায় বাগিচাৰ মাজত। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে  বহু বিচাৰ খোচাৰ কৰি মুৰ্মূষু অৱস্থাত চাহ বাগিচাৰ মাজত যুৱকজনক উদ্ধাৰ কৰে। ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱকজনক। গোলাঘাট চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে  চিকিৎসকে যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বৃহস্পতিবাৰে মৃত্যুক সাবটি লয় যুৱকজনে।

আজি  ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ ঘটনাৰ লগত জড়িত তিনি যুৱক তথা কাৰ্তিক গড়ৰ বন্ধুক আটক কৰে। তিনি বন্ধু তথা কাৰ্তিক গড়ৰ হত্যাকাৰী দ্বীপ উইদাস, দেবাৰো ভূঞা আৰু ৰোহিত তাঁতীক আটক কৰে আৰক্ষীয়ে। বৰ্তমান ঘটনাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি