মুখ্যপৃষ্ঠা »খবৰ »অসম »Sivasagar : স্বাধীনতাসংগ্ৰামী ফুলচন্দ্ৰ গগৈৰ দেহাৱসান, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন 

Sivasagar : স্বাধীনতাসংগ্ৰামী ফুলচন্দ্ৰ গগৈৰ দেহাৱসান, ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন 

আজি ৰাজ্যিক মৰ্যাদাৰে নিজা বাসগৃহত মুক্তিযোদ্ধাজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।

আজি ৰাজ্যিক মৰ্যাদাৰে নিজা বাসগৃহত মুক্তিযোদ্ধাজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।

  • Share this:

ৰাজ্য চৰকাৰৰ মুক্তিযুঁজাৰু পেঞ্চনাৰ, শিৱসাগৰ জিলাৰ  হাঁহচৰা যাঠীপতীয়া গাঁও নিৱাসী মুক্তিযোদ্ধা ফুলচন্দ্ৰ গগৈৰ আজি দেহাৱসান ঘটে। দেশৰ স্বাধীনতা সংগ্ৰামত বলিষ্ঠ ভূমিকা পালন কৰা ফুলচন্দ্ৰ গগৈৰ মৃত্যুত সমগ্ৰ শিৱসাগৰ জিলাতে শোকৰ ছাঁ পৰে।


১৯২০ চনৰ ২ এপ্ৰিলত শিৱসাগৰ জিলাৰ হাঁহচৰাৰ যাঠীপতীয়া গাঁৱত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী ফুলচন্দ্ৰ গগৈয় ১৯৩৫ চনত মহাত্মা গান্ধীৰ সান্নিধ্য লাভ কৰিছিল।


আজি ৰাজ্যিক মৰ্যাদাৰে নিজা বাসগৃহত মুক্তিযোদ্ধাজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত মুক্তিযোদ্ধাগৰাকীয়ে ৫ পুত্ৰ-বোৱাৰী আৰু ৪ গৰাকী জীৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়।


প্ৰয়াত মুক্তিযুঁজাৰুগৰাকীৰ শেষকৃত্য অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই মুক্তিযুঁজাৰুগৰাকীৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ  লগতে শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্থাৰ বিষয়ববীয়াসকলৰ লগতে কাৰ্যবাহী সদস্যসকল আৰু আৰক্ষী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

শেহতীয়া বাতৰি