• Home
  • »
  • News
  • »
  • assam
  • »
  • আজিও নিজে থকা ঘৰটোৰ মাটিৰ পট্টা নাপালে যোৰহাটৰ বৰ্ষীয়ান মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে

আজিও নিজে থকা ঘৰটোৰ মাটিৰ পট্টা নাপালে যোৰহাটৰ বৰ্ষীয়ান মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে

যোৰহাটৰ দহাবৰা চুকস্থিত মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে বসবাস কৰি অহা মাটিডোখৰৰ বাবে আজিও নাপালে পট্টা।

যোৰহাটৰ দহাবৰা চুকস্থিত মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে বসবাস কৰি অহা মাটিডোখৰৰ বাবে আজিও নাপালে পট্টা।

যোৰহাটৰ দহাবৰা চুকস্থিত মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে বসবাস কৰি অহা মাটিডোখৰৰ বাবে আজিও নাপালে পট্টা।

  • Share this:
ভাৰতে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰি এইবাৰ উদযাপন কৰিছে ৭৪ সংখ্যক গণৰাজ্য দিৱস। কিন্তু যোৰহাটৰ এগৰাকী শতায়ু গৰকা মুক্তিযোদ্ধাই ৭২ বছৰ পিছতো তেওঁ বসবাস কৰি থকা মাটিডোখৰৰ পট্টা লাভ নকৰিলে।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীত বিশেষভাৱে সোঁৱৰা হৈছিল স্বাধীনতাৰ মুক্তি যুজাৰুসকলক। বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল এইসকল স্বাধীনতা যুঁজৰ সেনানীক।
কিন্তু আপুনি জানি আচৰিত হ’ব যে যোৰহাটত তেনে এগৰাকী শতায়ু গৰকা মুক্তিযোদ্ধাই তেওঁৰ বাসগৃহত উচ্ছেদ চলাৰ আশংকাত দিন পাৰ কৰিছে।

যোৰহাটৰ দহাবৰা চুকস্থিত মুক্তিযোদ্ধা খগেশ্বৰ গগৈয়ে বসবাস কৰি অহা মাটিডোখৰৰ বাবে আজিও নাপালে পট্টা। জীৱিত অৱস্থাত থকা যোৰহাটৰ মুক্তিযোদ্ধাসকলৰ অন্যতম খগেশ্বৰ গগৈৰ বাসগৃহটো থকা মাটিখিনিৰ একাংশ হৈছে যোৰহাট পৌৰসভাৰ সংৰক্ষিত মাটি আৰু একাংশ হৈছে ৰে’ল বিভাগৰ মাটি।

ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰত ভৰি দিলে যদিও এই মুক্তিযোদ্ধাগৰাকীয়ে এই মাটিখিনিৰ বাবে বহু চেষ্টা কৰাৰ পিছত আজিও পট্টা লাভ নকৰিলে। দৰাচলতে যোৰহাট জিলা প্ৰশাসনে বহুদিন পূৰ্বে সকলো ব্যৱস্থা কৰাৰ পিছতো যোৰহাট পৌৰসভাৰ কেইগৰাকীমান বিষয়ববীয়াৰ বাবে এয়া হৈ উঠা নাই বুলি অভিযোগ কৰিছে মুক্তিযোদ্ধাগৰাকীৰ পৰিয়ালে।

মুক্তিযোদ্ধাগৰাকীয়ে বসবাস কৰি থকা মাটিখিনিৰ পট্টা লাভৰ বাবে যোৰহাট জিলা প্ৰশাসনে ইতিপূৰ্বে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে। আনহাতে যোৰহাট পৌৰসভা কৰ্তৃপক্ষই এই বিষয়টো সন্দৰ্ভত পৰ্যায়ক্ৰমে চিন্তা-চৰ্চা কৰা হ’ব বুলি জানিবলৈ দিছে।

যোৰহাট পৌৰসভা কৰ্তৃপক্ষৰ ভাষ্যতে এয়া স্পষ্ট হৈ পৰিছে যে মুক্তিযোদ্ধাগৰাকীৰ পট্টা লাভৰ এই প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে যোৰহাট পৌৰসভাৰ বাবেই। ভৱিষ্যতে এই সন্দৰ্ভত কেনে ব্যৱস্থা কৰে সেয়া লক্ষণীয় হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি