உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰ্ষীয়ান গান্ধীবাদী, মুক্তিযোদ্ধা, পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান

    বৰ্ষীয়ান গান্ধীবাদী, মুক্তিযোদ্ধা, পদ্মশ্ৰী হেম ভৰালীৰ দেহাৱসান

    মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ

    মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ

    মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ

    • Share this:
    বৰ্ষীয়ান মুক্তিযোদ্ধা, প্ৰবীন গান্ধীবাদী নেতা ,পদ্মশ্ৰী হেম ভৰালী আৰু নাই। বুধবাৰে বিয়লি গুৱাহাটীৰ পূৱ-শৰণীয়াস্থিত নিজ বাসগৃহত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱন্ত দলিল বুকুত বান্ধি লৈ ফুৰা স্বৰাজ আন্দোলনৰ বীৰ সেনানীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ।

    ভাৰত চৰকাৰে পদ্মশ্ৰী, জাতীয় সংহতি বঁটা আদি বিভিন্ন সন্মানেৰে বিভূষিত কৰা স্বাধীনতা সংগ্ৰামী হেম ভৰালীয়ে ৪২'ৰ আন্দোলনত কেইবাবাৰো কাৰাবাস খাটিছিল । বিনোৱা ভাৱেৰ 'ভূদান যজ্ঞ'ত সক্ৰিয়ভাৱে অংশ লৈ তেখেতে ৰঙিয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পদব্ৰজে প্ৰচাৰ কাৰ্য্য চলাই জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল ।

    ৱাৰ্ধাত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি পিছলৈ তেখেতে গুৱাহাটীৰ পূব-শৰণীয়াত 'কস্তুৰবা আশ্ৰম' স্থাপনত আগভাগ লৈ গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত মুখ্য ভুমিকা পালন কৰিছিল । কস্তুৰবা আশ্ৰমত সুদীৰ্ঘ দিন ধৰি সমাজ সংস্কাৰৰ কামত ব্ৰতী হৈ থকা ভাৰতৰ সংগ্ৰামী ইতিহাসৰ 'মহীৰূহ' হেম ভৰালীয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাক একগোট কৰি আত্মসহায়ক গোট স্থাপন কৰি বোৱা-কটা, খাদী- গ্ৰামোদ্যোগ আদিৰ জৰিয়তে স্বনিয়োজনৰ পথ দেখুৱাৰ লগতে গান্ধী- দৰ্শন আৰু গ্ৰাম-স্বৰাজৰ সোপান অংকণ কৰিছিল ।

    বাৰ্ধক্যজনিত কাৰণত প্ৰায় এমাহে গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিং হ'মত চিকিৎসাধীন হৈ আছিল হেম ভৰালী। মৃত্যুৰ পূৰ্বে তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালক দান কৰি থৈ গৈছিল তেখেতৰ শৰীৰ । আজি তেখেতৰ নশ্বৰ দেহ চিকিৎসা মহাবিদ্যালয় খনলৈ অনা হয়। হেম ভৰালীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।
    Published by:Himangshu Bhuyan
    First published: