এচিড আক্ৰমণৰ বলি যুৱতীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই, বিনামূলীয়া হ’ব চিকিৎসা

News18 Assam | News18-Assam
Updated:February 19, 2021, 1:57 PM IST
এচিড আক্ৰমণৰ বলি যুৱতীৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী পীযুষ হাজৰিকাই, বিনামূলীয়া হ’ব চিকিৎসা
যোৱা ১৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ আমোলাপট্টীত এজন লোকে এচিডেৰে আক্ৰমণ আক্ৰমণৰ কৰিছিল যুৱতীগৰাকীক।

যোৱা ১৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ আমোলাপট্টীত এজন লোকে এচিডেৰে আক্ৰমণ আক্ৰমণৰ কৰিছিল যুৱতীগৰাকীক।

  • Share this:
অসম চিকিৎসা মহাবিদ্যালয় ভ্ৰমণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। শুকুৰবাৰে পুৱাই চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ এচিড আক্ৰমণত আহত যুৱতীগৰাকীৰ স্বাস্থ্যৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে যোৱা ১৪ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ আমোলাপট্টীত এজন লোকে এচিডেৰে আক্ৰমণ আক্ৰমণৰ কৰিছিল যুৱতীগৰাকীক। বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকী আৰু চিকিৎসকৰ সৈতে মত বিনিময় কৰে পীযূষ হাজৰিকাই।

মহিলাগৰাকীৰ চিকিৎসাৰ সকলো খৰচ অসম চৰকাৰে বহন কৰিব বুলিও প্ৰতিশ্ৰুতি দিছে মন্ত্ৰীগৰাকীয়ে। অসম চিকিৎসা মহাবিদ্যালয়ত সম্পূৰ্ণ বিনামূলীয়াকৈ মহিলাগৰাকীক চিকিৎসা প্ৰদানৰ নিৰ্দেশ মন্ত্ৰী গৰাকীৰ। ইয়াৰ উপৰি পৰৱৰ্তী পৰ্যায়তো মহিলাগৰাকীৰ প্ৰয়োজনীয় সকলো চিকিৎসাৰ দায়িত্ব অসম চৰকাৰে ল'ব বুলিও ঘোষণা পীযূষ হাজৰিকাৰ।

এচিড আক্ৰমণৰ এই ঘটনা অসমত নজীৰবিহীন বুলিও মন্তব্য কৰে হাজৰিকাই। মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতী, অধীক্ষক ডাক্তৰ প্ৰশান্ত দিহিঙ্গীয়াও উপস্থিত থাকে। উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰীত এচিড আক্ৰমণৰ ঘটনা সংঘটিত কৰা বুদ্ধদেব দাসক ইতিমধ্যে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: February 19, 2021, 1:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি