• Home
  • »
  • News
  • »
  • assam
  • »
  • অধিক স্মাৰ্ট হ’ব গাঁওবুঢ়াসকল, চৰাইদেউ জিলাৰ চৰকাৰী গাঁওবুঢ়ালৈ বিনামূলীয়া স্মাৰ্টফোন বিতৰণ

অধিক স্মাৰ্ট হ’ব গাঁওবুঢ়াসকল, চৰাইদেউ জিলাৰ চৰকাৰী গাঁওবুঢ়ালৈ বিনামূলীয়া স্মাৰ্টফোন বিতৰণ

চৰাইদেউ জিলাৰ ১৮গৰাকী গাঁওবুঢ়াৰ মাজত বিনামূলীয়াকৈ স্মাৰ্ট ফোন বিতৰণ।

চৰাইদেউ জিলাৰ ১৮গৰাকী গাঁওবুঢ়াৰ মাজত বিনামূলীয়াকৈ স্মাৰ্ট ফোন বিতৰণ।

চৰাইদেউ জিলাৰ ১৮গৰাকী গাঁওবুঢ়াৰ মাজত বিনামূলীয়াকৈ স্মাৰ্ট ফোন বিতৰণ।

  • Share this:
চৰাইদেউ জিলাৰ চৰকাৰী গাঁওবুঢ়ালৈ বিনামূলীয়া ‌স্মাৰ্ট ফোন বিতৰণ। জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা ( স্বতন্ত্ৰ) আৰু গড়কাপ্টানী (ৰাজ্যিক) বিভাগৰ মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলাৰ ১৮গৰাকী চৰকাৰী গাঁওবুঢ়াৰ মাজত বিনামূলীয়াকৈ স্মাৰ্ট ফোন বিতৰণ কৰে। এই উপলক্ষে জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ সভাপতিত্বত এখনি সভা অনুস্থিত হয়। বৈঠকত জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসকে ধৰি বিষয়া–কৰ্মচাৰীসকল আৰু গাঁওবুঢ়াসকল উপস্থিত আছিল।
First published: