
কেইদিন মান পূৰ্বে লুহুৰী চৰত ৰাইজে বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ উপৰি দুটা পশুধন বাঘে আক্ৰমণ কৰি নিধন কৰিছিল ৷
কেইদিন মান পূৰ্বে লুহুৰী চৰত ৰাইজে বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ উপৰি দুটা পশুধন বাঘে আক্ৰমণ কৰি নিধন কৰিছিল ৷
দৰঙৰ কটহগুৰিৰ মেধি চাপৰিত বাঘৰ মুক্ত বিচৰণ। মাকৈ খেতিপথাৰত মুক্ত বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ হয় নাহৰফুটুকী বাঘটো ৷ স্থানীয় ৰাইজে ম'বাইল কেমেৰাত বন্দী কৰে বাঘটোৰ মুক্ত বিচৰণৰ দৃশ্য ৷
মাকৈ খেতিৰ মাজত অৱস্থান লোৱা বাঘটো প্ৰত্যক্ষ কৰি আতংকিত হৈ পৰে স্থানীয় ৰাইজ৷ ঘটনা সন্দৰ্ভত বন বিভাগ আৰু স্থানীয় আৰক্ষীক খবৰ দিয়া হয়।
উল্লেখ্য যে কেইদিন মান পূৰ্বে লুহুৰী চৰত ৰাইজে বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ উপৰি দুটা পশুধন বাঘে আক্ৰমণ কৰি নিধন কৰিছিল ৷ বহু সময়লৈ বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাছিল অঞ্চলটোত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|