বাছত উঠিলে দিব নালাগে ভাড়া! গুৱাহাটীত বিনামূলীয়া বাছ সেৱা...!

News18 Assam | News18-Assam
Updated:November 20, 2020, 6:29 PM IST
বাছত উঠিলে দিব নালাগে ভাড়া! গুৱাহাটীত বিনামূলীয়া বাছ সেৱা...!
ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে ভ্ৰমণ সাৰথি নামৰ এক বিশেষ অভিলাসী আচঁনি।

ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে ভ্ৰমণ সাৰথি নামৰ এক বিশেষ অভিলাসী আচঁনি।

  • Share this:
শীঘ্ৰে গুৱাহাটী মহানগৰীৰ ৰাজপথত চলিব বিনামূলীয়া বাছ। ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে ভ্ৰমণ সাৰথি নামৰ এক বিশেষ অভিলাসী আচঁনি। এই আঁচনিৰ অধীনত গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া ৰঙৰ বিনামূলীয়া বাছ।  পিছে সকলোৰে বাবে বিনামূলীয়া নহয় এই বাছ সেৱা। এই বাছত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব কেৱল মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিকে।

অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে গুৱাহাটী মহানগৰীৰ ৰাজপথত এই গুলপীয়া বাছসমূহ চলিব বুলি জনাইছে পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ে। প্ৰথম অৱস্থাত ২৫ খন বাছ উপলব্ধ হ’ব। পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি কৰা হ’ব। বাছ সমূহত থাকিব অত্যাধুনিক সা-সুবিধা। ইয়াৰ বাবে এতিয়া ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ নিযুক্তি দিবলৈ যো-জা চলাইছে পৰিবহণ বিভাগে।

উল্লেখযোগ্য যে, হৈ যোৱা বিধানসভা অধিৱেশনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ কথা জনাইছিল। বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত এই বাছ উপলব্ধ হ’ব যদিও পৰৱৰ্তী সময়ত তিনিচুকীয়া, ডিব্রুগড়, শিলচৰ আৰু যোৰহাটকো এই আঁচনিয়ে সামৰি ল’ব বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: November 20, 2020, 6:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading